PM Modi : পহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত চৌদি আৰৱ ভ্ৰমণ সংক্ষিপ্ত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
সূত্ৰ অনুসৰি, মোডীয়ে মঙলবাৰে নিশা জেদ্দা এৰি দিল্লীলৈ ৰাওনা হয়। প্ৰধানমন্ত্ৰীগৰাকী চৌদি চৰকাৰৰ দ্বাৰা আয়োজিত আনুষ্ঠানিক নৈশভোজতো উপস্থিত নাছিল।
অনানুষ্ঠানিক আকলন অনুসৰি, পহেলগাম আক্ৰমণত কমেও ২৭ জন লোক নিহত হয়। এই সংখ্যা বৃদ্ধিও হ’ব পাৰে। কেবাজনো লোক এতিয়াও চিকিৎসালয়ত ভৰ্তি হৈ আছে।
এই পৰিস্থিতিত জৰুৰীকালীন অৱস্থাত দেশলৈ উভতি অহাৰ সিদ্ধান্ত লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণ আছিল দুদিনীয় । আজি নিশা দিল্লীলৈ ৰাওনা হোৱাৰ কথা আছিল মোডী।মঙলবাৰে নিশা তেওঁৰ চৰকাৰী নৈশভোজনকে ধৰি তেওঁৰ কেবাটাও কাৰ্যসূচীও আছিল।
কিন্তু সকলোবোৰ বাতিল কৰি তেওঁ মঙলবাৰে জৰুৰী ভিত্তিত দেশলৈ উভতি আহে। যদি সকলো ঠিকে থাকে, প্ৰধানমন্ত্ৰীয়ে বুধবাৰে পুৱা দিল্লীত অৱতৰণ কৰিব বুলি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ জানিবলৈ দিয়ে ।
দৰাচলতে, পহেলগামত হোৱা আক্ৰমণৰ খবৰে প্ৰধানমন্ত্ৰীক বিচলিত কৰি তোলে। ইতিমধ্যে তেওঁ ছ’চিয়েল মিডিয়াত এই আক্ৰমণৰ বিষয়ে লিখিছে, “জম্মু-কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিছো। আপোনজনক হেৰুৱাসকলৰ প্ৰতি সমবেদনা। আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো।এই জঘন্য কাৰ্য্যত জড়িত কাকো ৰেহাই দিয়া নহ’ব। সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ যুঁজ অধিক শক্তিশালী হ’ব। ”
গৃহমন্ত্ৰী অমিত শ্বাহে ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ নিৰ্দেশত কাশ্মীৰত উপস্থিত হৈছে। পৰিস্থিতিৰ বুজ লৈছে গৃহমন্ত্ৰীগৰাকীয়ে।