turkey Earthquake: আফগানিস্তান, ম্যানমাৰৰ পাছত, এইবাৰ ভূমিকম্পত কঁপি উঠিল তুৰ্কী। ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত আছিল ৬.২ ।এতিয়ালৈকে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই।
অৱশ্যে, কম্পনৰ ভয়ত বহুলোক ৰাজপথলৈ ওলাই আহে। আতংকিত হৈ এজনলোক বেলকনিৰ পৰা জপিয়াই পৰিল।
কম্পনৰ উৎস ভূপৃষ্ঠৰ পৰা প্ৰায় ১০ কিলোমিটাৰ তলত। আজিৰ দিনটোৰ কঁপনিয়ে বহুতৰে মনত কঢ়িয়াই আনিছে ২০২৩ চনৰ ছয় ফেব্ৰুৱাৰীৰ স্মৃতি।
