আজি কাৰ্বি আংলংঙৰ জিলাৰ ডিফুটো পেহেলগামৰ উগ্ৰপন্থী বৰ্বৰটা আক্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদী সাব্যস্ত বিশ্ব হিন্দু পৰিষদৰ উঃপূঃ মণ্ডল উদ্যোগত সংগ দিয়ে জিলা বিজেপি মহিলা সদস্য সকল ৷
দেশ কঁপাই যোৱা পহলগাম কাণ্ডৰ বিৰুদ্ধে ডিফুতো প্ৰতিবাদ মুখৰ বিভিন্ন দল-সংগঠণ। ডিফুত পাকিস্তানী পতাকা, সন্ত্ৰাসবাদীৰ প্ৰতিমূৰ্তি দাহ।পেহেলগাম হত্যাকাণ্ড ২৮ জন ছহিদক শ্ৰদ্ধাঞ্জলী অৰ্পণ।
বিশ্ব হিন্দু পৰিষদ উত্তৰ-পূব প্ৰান্ত আৰু মধ্য কাৰ্বি আংলং জিলাৰ লগতে বিভিন্ন দল-সংগঠণৰ উদ্যোগত সাব্যস্ত কৰা হয় এই প্ৰতিবাদ।পাকিস্তান মুৰ্দাবাদ ধ্বনি দি পাকিস্তানী সন্ত্ৰাসবাদীসকলক কঠোৰ শাস্তি দিয়াৰ দাবী।
পেহেলগাম হত্যাকাণ্ডত জড়িত প্ৰতিজন সন্ত্ৰাসবাদী লগতে সহায়কাৰীক পৃথিৱীৰ যিকোনো স্থানৰ পৰা বিচাৰি কঠোৰ শাস্তি দিয়াৰ বাবে প্ৰধানমন্ত্ৰী লৈ আহ্বান প্ৰতিবাদীসকলৰ।
প্ৰতিবাদী সকলে উল্লেখ কৰে য়ে ভাৰতবৰ্ষৰ কোনো অঞ্চলতে উগ্ৰপন্থী স্থান নাই বুলি প্ৰতিবাদী অংশ গ্ৰহণ বিভিন্ন লোকে মতামত প্ৰকাশ কৰে ৷