কুলগামত ভাঙি দিয়া হ’ল পহলগাম আক্ৰমণৰ আৰু দুজন সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ ঘৰ

গ্ৰেপ্তাৰ দুই সহযোগীও

kashmir cover 2

Pahalgam Terror Attack : পহলগাম আক্ৰমণৰ পাছত, সেনাবাহিনী আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে সমগ্ৰ কাশ্মীৰত এক বৃহৎ তালাচী অভিযান চলাইছে। শনিবাৰে পুৱা কুলগাম জিলাত আৰু দুজন সন্ত্ৰাসবাদীৰ ঘৰ ভাঙি পেলোৱা হয়।

ADVERTISEMENT

যদিও, সন্ত্ৰাসবাদীসকল ধৰা নপৰিল । অনুসন্ধানকাৰীসকলে পহলগাম আক্ৰমণত তেওঁলোকৰ জড়িত থকাৰ সন্দেহ কৰিছে। এই ঘৰটো সন্ত্ৰাসবাদৰ বিৰুদ্ধে অভিযান হিচাপে ভাঙি পেলোৱা হৈছে। কুলগামৰ কাইমো অঞ্চলৰ থোকাৰপোৰাৰ পৰা দুজন লোককো গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোকে উগ্ৰপন্থীসকলৰ স’তে সহযোগিতা কৰিছিল বুলি অভিযোগ কৰা হৈছে।

স্থানীয় আৰক্ষী সূত্ৰৰ উদ্ধৃতি দি সংবাদ সংস্থাই জনোৱা মতে, উগ্ৰপন্থীৰ দুজন সহযোগী কুলগামত আত্মগোপন কৰি থকাৰ চোৰাংচোৱা তথ্য লাভ কৰা হৈছে। সেই অনুসৰি নিশা তাত অভিযান চলাই শনিবাৰে পুৱা দুয়োকে গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে,তেওঁলোকৰ জেৰাত পহলগাম আক্ৰমণৰ অভিযুক্তৰ বিষয়ে তথ্য পোৱাৰ সম্ভাৱনা আছে। আৰক্ষীয়ে অধিক বিৱৰণ প্ৰকাশ কৰা নাই।

শনিবাৰে পুৱা কুলগামত ঘৰ ভাঙি পেলোৱা লোকজনৰ নাম জাকিৰ আহমেদ ঘনী। তেওঁ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে জড়িত আছিল। নিৰাপত্তাৰক্ষীৰ এটা দলে তেওঁৰ ঘৰত অভিযান চলায়। ভাঙি পৰা ঘৰটোৰ ধ্বংসাৱশেষৰ ফটো প্ৰকাশ পাইছে।

অনুসন্ধানকাৰীসকলে অনুমান কৰিছে যে জাকিৰ পহলগামত পৰ্যটকৰ ওপৰত হোৱা আক্ৰমণত প্ৰত্যক্ষভাৱে জড়িত নাছিল যদিও তেওঁ সমগ্ৰ ঘটনাৰ আঁৰত আছে ।

আক্ৰমণৰ পৰিকল্পনাত তেওঁৰ ভূমিকা গুৰুত্বপূৰ্ণ আছিল। আক্ৰমণৰ পিছৰে পৰা তেওঁ আত্মগোপন কৰি আছে।

পুলৱামাত আহছান আল হক শ্বেখ নামৰ আন এজন সন্দেহযুক্ত উগ্ৰপন্থীৰ ঘৰো ভাঙি পেলোৱা হৈছে। তেওঁ পুলৱামাৰ মুৰাণ গাঁৱত বাস কৰে। শুকুৰবাৰে নিশা বুলডজাৰেৰে তেওঁৰ ঘৰ ভাঙি পেলোৱাৰ তথ্যও পোহৰলৈ আহিছে। ভগ্নাংশৰ ফটো প্ৰকাশ কৰা হৈছে।

পহলগামত আক্ৰমণ সংঘটিত কৰা সন্ত্ৰাসবাদী দুজন আদিল হুছেইন থোকাৰ আৰু আচিফ শ্বেখৰ ঘৰ শুকুৰবাৰে ভাঙি পেলোৱা হয়। আদিলৰ ঘৰটো নিশা এটা আইইডি বিস্ফোৰণৰ দ্বাৰা উৰুৱাই দিয়া হয় আৰু আচিফৰ ঘৰটো বুলডোজাৰেৰে ভাঙি পেলোৱা হয়।

আনহাতে আনএজন সন্দেহযুক্ত জাকিৰৰ ঘৰটোও শনিবাৰে ভাঙি পেলোৱা হৈছে। বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতে সন্ত্ৰাসবাদীসকলক সন্ধান বিচাৰি তেওঁলোকক “অকল্পনীয়” শাস্তি দিব।

উল্লেখ্য যে,২৪ ঘণ্টাৰ ভিতৰতে, দুয়োজন উগ্ৰপন্থীৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰা হয়। অৱশ্যে, অভিযুক্তসকল এতিয়াও ধৰা পৰা নাই। অনন্তনাগ, কুলগাম আৰু উপত্যকাৰ অন্যান্য অংশত বুধবাৰৰ পৰা এটা অনুসন্ধান অভিযান চলি আছে।

Exit mobile version