ভূস্বৰ্গত সন্ত্ৰাসৰ মাজতে দক্ষিণত বোমা বিস্ফোৰণ

কেৰালাৰ একাধিক হোটেল বিস্ফোৰণৰ ভাবুকি!

images 12 2

Kerala: কেৰালাৰ তিৰুৱনন্তপুৰমত বিয়পি পৰিছে বোমাৰ আতংক। শনিবাৰে তিৰুৱনন্তপুৰমৰ কেবাখনো হোটেলত বোমা স্থাপন কৰা বুলি ইমেইল আহে । এই খবৰ পোৱাৰ লগে লগে আৰক্ষীয়ে বোমা স্কোয়াডৰ স’তে হোটেলত উপস্থিত হৈ তালাচী আৰম্ভ কৰে

আৰক্ষীয়ে জনোৱা অনুসৰি,তথ্য পোৱাৰ লগে লগে হোটেলসমূহত তালাচী চলোৱা হয়। যদিও বিশেষ একো পোৱা নগ’ল। হোটেললৈ প্ৰেৰণ কৰা মেইলৰ উৎস বিচাৰি উলিয়াবলৈ চেষ্টা চলাইছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

ইফালে পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ মাজতে এনে বোমাৰ ভাবুকিৰ ইমেইলত আতংক বিয়পি পৰে।

Exit mobile version