Gujarat : পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ‘একচন মোড’ত গুজৰাট আৰক্ষী। শুকুৰবাৰে নিশা চলোৱা অভিযানত ৫০০ জন বাংলাদেশীক গ্ৰেপ্তাৰ কৰা হয়। ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰাৰ অভিযোগত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে।
আজি অৰ্থাৎ শনিবাৰেও অব্যাহত আছে অনুসন্ধান অভিযান। কালি গৃহমন্ত্ৰী অমিত শ্বাহে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীক পাকিস্তানীক চিনাক্ত কৰি বিতাড়িত কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ পাছতে কেবাখনো দেশত তৎপৰতা বৃদ্ধি পালে।
তথ্য অনুসৰি, শুকুৰবাৰে পুৱাৰ ভাগত আহমেদাবাদত গুজৰাট আৰক্ষী আৰু বিশেষ অভিযান গোটৰ যৌথ অভিযান আৰম্ভ হয়। প্ৰথম কেইঘণ্টামানৰ ভিতৰতে আটক কৰা হয় এশৰো অধিক বাংলাদেশী।
তেওঁলোকক সোধা-পোছা কৰাৰ পাছত তদন্তকাৰীয়ে আৰু অধিক অনুপ্ৰৱেশকাৰীৰ তথ্য লাভ কৰে ঠায়ে ঠায়ে গ্ৰেপ্তাৰৰ সংখ্যা তীব্ৰতৰ হৈ পৰিছে। সৰ্বমুঠ আহমেদাবাদৰ পৰা ৪০০ বাংলাদেশী আৰু চুৰাটৰ পৰা ১০০ জন বাংলাদেশীক গ্ৰেপ্তাৰ কৰা হৈছে।
আৰক্ষীয়ে জনোৱা মতে, তেওঁলোক সকলোৱে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল আৰু বিভিন্ন ৰাজ্যত কৰ্মৰত আছিল। যদিও তেওঁলোকৰ কোনো এজনৰ কোনো বৈধ নথি-পত্ৰ নাই।গতিকে সকলোকে গ্ৰেপ্তাৰ কৰা হৈছে। অতি শীঘ্ৰে সকলোকে বাংলাদেশলৈ পঠোৱাৰ ব্যৱস্থা কৰা হ’ব।
বিগত বছৰৰ পাঁচ আগষ্টত বাংলাদেশত পতন ঘটে শ্বেখ হাছিনা চৰকাৰ। তাৰ পাছৰে পৰা দেশত প্ৰৱেশ কৰা বাংলাদেশীৰ সংখ্যা প্ৰায় দুগুণলৈ বৃদ্ধি পাইছে। তেওঁলোকক ধৰিবলৈ বিভিন্ন ৰাজ্যৰ আৰক্ষী এতিয়া তৎপৰ হৈ পৰিছে।