India-Paksitan Conflict:✒️২০২৬ চনত ‘অপাৰেচন সিন্দূৰ ২.০’ হোৱাৰ সম্ভাৱনা আছে।এয়া আমেৰিকাৰ বৈদেশিক নীতিৰ (থিংক টেংক)কাউন্সিল অন ফৰেইন ৰিলেচনছ (চিএফআৰ)ৰ পূৰ্বাভাস।
তেওঁলোকৰ শেহতীয়া প্ৰতিবেদন অনুসৰি কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে ২০২৬ চনত ভাৰত আৰু পাকিস্তানী সেনাৰ মাজত পুনৰ সংঘৰ্ষ আৰম্ভ হ’ব পাৰে!
‘২০২৬ চনত চোৱা সংঘাত’ শীৰ্ষক প্ৰতিবেদনত কোৱা হৈছে যে কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত দক্ষিণ এছিয়াৰ পাৰমাণৱিক অস্ত্ৰধাৰী ৰাষ্ট্ৰ দুখন সংঘাতত লিপ্ত হোৱাৰ ‘মধ্যমীয়া সম্ভাৱনা’ আছে।
প্ৰসংগক্ৰমে ভাৰতে বিগত সময়ত একাধিকবাৰ উল্লেখ কৰিছে যে অপাৰেচন সিন্দূৰ সম্পূৰ্ণ হোৱা নাই। যোৱা মাহত লালকিল্লাৰ সমীপত গাড়ী বোমা বিস্ফোৰণৰ পাছত সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে অপাৰেচন সিন্দুৰ-২ সম্পৰ্কে সতৰ্কবাণী জাৰি কৰিছিল।
তেওঁ কয়, “অপাৰেচন সিন্দূৰ-১ৰ পৰা শিকি অহা শিক্ষাই আমাক শক্তিশালী কৰিছে। সেনাই সেই অভিজ্ঞতা অপাৰেচন সিন্দূৰ-২ত ব্যৱহাৰ কৰিব।”
এই পৰিস্থিতিত আমেৰিকাৰ আগশাৰীৰ সামৰিক আৰু বৈদেশিক নীতিৰ বিশেষজ্ঞৰে গঠিত চি এফ আৰৰ এক প্ৰতিবেদন পোহৰলৈ আহিল।

































