Andhra Pradesh : মৰ্মান্তিক ! মন্দিৰৰ দেৱাল ভাঙি প্ৰাণ হেৰুৱালে আঠ জন তীৰ্থযাত্ৰীয়ে । এই ভয়াবহ ঘটনা সংঘটিত হৈছে অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমৰ সিনহাচলমত। শ্ৰী বাৰাহ লক্ষ্মী নৰসিংহ স্বামী মন্দিৰত বাৰ্ষিক চন্দন্নোৎসৱ উৎসৱত অংশগ্ৰহণ কৰিবলৈ বহু সংখ্যক লোক উপস্থিত হয়। তাতেই এই দুৰ্ঘটনা সংঘটিত হয়।
তথ্য অনুসৰি,আঠ জনলোকৰ মৃত্যুৰ উপৰিও, আৰু চাৰিজন লোক আহত হয়।
স্থানীয় সূত্ৰ অনুসৰি, ভক্তসকলে মন্দিৰ চৌহদত শাৰী পাতি থিয় হৈ প্ৰাৰ্থনা আগবঢ়াইছিল। সেই সময়ত মাজ নিশা প্ৰায় দুই বাজি ৩০মিনিটত তীৰ্থযাত্ৰীসকলৰ ওপৰত মন্দিৰৰ এখন দেৱাল ভাঙি পৰে। হঠাৎ হোৱা এই ঘটনাই তীৰ্থযাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি কৰে।
আৱদ্ধ হৈ থকা তীৰ্থযাত্ৰীক উদ্ধাৰৰ বাবে নামে স্থানীয় ৰাইজ। আৰক্ষী আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীক অৱগত কৰা হয়। বাকীসকলক উদ্ধাৰ কৰা হয় যদিও আঠ জন লোকৰ মৃত্যু হয়। আহত আৰু চাৰিজন লোক।
অন্ধ্ৰ গৃহমন্ত্ৰী বাংলাপুডী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। তেওঁ কয় যে,তীৰ্থযাত্ৰীসকলে ৩০০ টকীয়া বিশেষ টিকট ক্ৰয় কৰি বিশেষ দৰ্শনৰ বাবে শাৰী পাতি থিয় হৈছিল।
সেই সময়তে এই দুৰ্ঘটনা সংঘটিত হয়। যোৱা নিশাৰ পৰা অঞ্চলটোত ধাৰাসাৰ বৰষুণ। ভূমিস্খলনৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হ’ব পাৰে বুলি অনুমান কৰা হৈছে।
বৰ্তমানলৈকে এই দুৰ্ঘটনাত তিনিগৰাকী মহিলাকে ধৰি আঠজন লোকৰ মৃত্যু হৈছে। আহতসকলক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে বিশাখাপট্টনমৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।