একেৰাহে পাঁচ বটল মদ্যপান, ১০ হেজাৰ টকাৰ বাজি জিকিবলৈ গৈ প্রাণ হেৰুৱালে যুৱকে !

1746076866 drink

Karnataka : ১০ হেজাৰ টকাই যেন কাল হ’ল এজন যুৱকৰ। বন্ধুৰ স’তে ১০ হেজাৰ টকীয়া ‘বাজি’ লাগি  মৃত্যু মুখত পৰিল ২১বছৰীয়া এজন যুৱক । নাম কাৰ্তিক। তেওঁ কৰ্ণাটকৰ বাসিন্দা।।

ADVERTISEMENT

তথ্য অনুসৰি, কাৰ্তিকে ভেংকট ৰেড্ডী, সুভিয়াণ্ডাৰ আৰু আন তিনিজনৰ স’তে সুৰাৰ পাৰ্টি কৰি আছিল। হঠাতে, কোনে অধিক সুৰাপান কৰিব পাৰে সেই বিষয়ে বন্ধুবৰ্গৰ মাজত বাজি আৰম্ভ হয়।

তাৰ পিছত কাৰ্তিকে এই ‘বাজি’ত জয়ী হ’ব বুলি দাবী কৰে। ইয়াৰ পাছতে বিজয়ীক দহ হেজাৰ টকা দিয়া হ’ব বুলিও বন্ধুবৰ্গৰ মাজত ঘোষণা কৰা হয়।

কথা মতেই যেন কাম । ঘোষণাৰ পাছতে কাৰ্তিকে বাজিত একেৰাহে পাঁচ বটল সুৰা পান কৰে । তাৰ কিছু সময়ৰ পাছতে কাৰ্তিক গুৰুতৰভাৱে অসুস্থ হৈ পৰে। তেওঁক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়।

উল্লেখ্য যে এবছৰ আগতে বিবাহ পাশত আৱদ্ধ হৈছিল কাৰ্তিক। মাত্ৰ আঠ দিনৰ পূৰ্বে তেওঁৰ এটা সন্তানো জন্ম হয়। আৰু ইয়াৰ মাজতে, তেওঁ কেৱল বাজি জিকিবলৈয়ে ইমান ডাঙৰ বিপদাশংকা লৈ নিজৰ প্ৰাণ হেৰুৱালে।

আনহাতে ঘটনাটোৰ পাছতে, কাৰ্তিকৰ পৰিয়ালৰ সদস্যসকলে স্থানীয় আৰক্ষী থানাত ছয়জন লোকৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে। আৰক্ষীয়ে তদন্তৰ অন্তত ভেংকট আৰু সুব্ৰমণিক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীয়ে জনোৱা মতে, বাকীসকলৰ বাবে অনুসন্ধান অব্যাহত আছে। এই ঘটনাই অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে।

Exit mobile version