Guwahati Theft:মহানগৰীৰ জাপৰিগোগৰ ডলফিন ৰোডৰ এখন বিয়া ঘৰত ডকাইতিৰ চেষ্টা

theft

Guwahati Theft:

মহানগৰীৰ স্মাৰ্ট আৰক্ষীক পুনৰ চেলেন্স দুৰ্বৃত্তৰ ৷ জাপৰিগোগৰ ডলফিন ৰোডৰ এখন বিয়া ঘৰত ডকাইতিৰ চেষ্টা। মুখত ক’লা কাপোৰ বান্ধি অহা ৪ জনীয়া ডকাইতৰ দলে ডকাইতিৰ চেষ্টা চলাই । কিন্ত বিয়া ঘৰৰ চাৰি মহিলাৰ তৎপৰতাত ডকাইত প্ৰৱেশ কৰিব নোৱাৰিলে বাসগৃহত ৷

ADVERTISEMENT

উল্লেখ্য যে,জাপৰিগোগৰ ডলফিন ৰোডৰ তিনি নম্বৰ গৃহৰ প্ৰৱন চৌধুৰীৰ বিয়া আছিল বুধবাৰে ৷ সেই অনুসৰি নিশা দৰা প্ৰৱন চৌধুৰীয়ে বিবাহযাত্ৰী সহ কইনা আনিবলৈ পাথৰকুৱেৰীলৈ যোৱাৰ পিছতে দুখন বাইকত অহা ডকাইতৰ দলে ঘৰত প্ৰৱেশৰ চেষ্টা চলাই। কিন্ত সেই সময়ত ঘৰত থকা চাৰি মহিলাই লগে লগে ঘৰৰ মুল গ্লীলৰ গেট খন বন্ধ কৰি দিয়ে ৷ আনহাতে ডকাইতৰ দলটোৱে বহু চেষ্টা কৰিও ঘৰত প্ৰৱেশ কৰিব নোৱাৰি আঁতৰি যায় ৷

ইপিনে ঘটনাৰ খৱৰ পাই আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লৈ তদন্ত আৰম্ভ কৰিছে সন্ধান উলিয়াব পৰা নাই ডকাইতৰ দলটোৰ।

Exit mobile version