Heatwave:চলিত মাহত পাব প্ৰচণ্ড গৰমৰ পৰা সকাহ !

thumb 45794

Heatwave:চলিত মাহত গৰমৰ কষ্টৰ পৰা কিছু সকাহ পোৱাৰ সম্ভাৱনা। তাপমাত্ৰা বৃদ্ধি পালেও বৰষুণ আৰু ধুমুহাৰ বাবে গোটেই মাহটো গৰমৰ পৰা সকাহ পোৱাৰ সম্ভাৱনা আছে। এইটো হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ পূৰ্বাভাস।

ADVERTISEMENT

যদিও চলিত বৰ্ষৰ মে’ মাহত উষ্ণতা স্বাভাৱিকতকৈ বহু বেছি হৈছে, তথাপিও যোৱা বছৰৰ তুলনাত অবিৰত তাপপ্ৰবাহ সম্ভাৱনা কম।

বতৰ বিজ্ঞান বিভাগৰ মুৰব্বী মৃত্যুঞ্জয় মহাপাত্ৰই কয় যে মে’ মাহজুৰি দেশৰ বিভিন্ন প্ৰান্তত বজ্ৰপাতৰ স’তে বৰষুণ আৰু ধুমুহাৰ সম্ভাৱনা আছে।

যদিও স্বাভাৱিকৰ তুলনাত তাপমাত্ৰা কিছু ডিগ্ৰী বৃদ্ধি পাইছে, বজ্ৰপাতৰ ফলত কেইদিনমানৰ ভিতৰতে ই হ্ৰাস পাব। যোৱা বছৰৰ তুলনাত, এই বছৰৰ মে মাহত হোৱা তীব্ৰ গৰমৰ পৰা জনসাধাৰণে কিছু সকাহ পাব।

অৱশ্যে, তেওঁ হিটৱেভত অতিৰিক্ত সাৱধানতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিছে।

বতৰ বিজ্ঞান বিভাগৰ পূৰ্বাভাস অনুসৰি মে’ মাহত সমগ্ৰ দেশতে সাধাৰণতে ১-৩ দিন তাপ প্ৰবাহ থাকে। এই বছৰ কমেও ১-৪ দিনলৈকে তাপ প্রবাহৰ পৰিস্থিতি জাৰি থাকিব পাৰে ।

বিশেষকৈ পশ্চিম বংগ, পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান, মধ্য প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, গুজৰাট, উৰিষ্যা, ছত্তীশগড়, মহাৰাষ্ট্ৰ, তেলেংগানাত তাপমাত্ৰা স্বাভাৱিকতকৈ কিছু ওপৰত থাকিব ।

এই বছৰৰ মে’ মাহত ৰাজ্যখনত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। যোৱা বছৰ, পশ্চিম বংগকে ধৰি কিছুমান ৰাজ্যত হিটৱেভ ১০ ৰ পৰা ২০ দিন ধৰি চলিছিল। এইবাৰ সম্ভাৱনা তুলনামূলকভাৱে কম।

Exit mobile version