Pahelgam: এতিয়াও কাশ্মীৰত আত্মগোপন কৰি আছে সন্ত্ৰাসবাদী!

1746103363 indian army

Pahelgam: বৈশাৰণত আক্ৰমণৰ দিনা কেৱল তিনিজন উগ্ৰপন্থীয়েই নহয়, আক্ৰমণস্থলীৰ আশে-পাশে অতিৰিক্ত উগ্ৰপন্থী আত্মগোপন কৰি আছিল। আক্ৰমণৰ সময়ত যদি নিৰাপত্তা বাহিনী আহিলহেঁতেন তেন্তে তেওঁলোকৰ প্ৰতিশোধমূলক গুলীৰ প্ৰতি সঁহাৰি জনাই আক্ৰমণকাৰী উগ্ৰপন্থীক উভতাই পঠিয়াবলৈ ‘বেক-আপ’ হিচাপে কাম কৰিলেহেঁতেন।

ADVERTISEMENT

 

উল্লেখ্য যে,অতিৰিক্ত উগ্ৰপন্থীয়ে আক্ৰমণকাৰী উগ্ৰপন্থীৰ পৰা দূৰত্ব বজাই ৰাখিছিল যাতে তেওঁলোকৰ উপস্থিতি আন কোনোৱে লক্ষ্য নকৰে।সম্প্ৰতি ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ (এনআইএ) তদন্তত এই তথ্য পোহৰলৈ আহিছে।

 

পহলগাঁও আক্ৰমণৰ লগত জড়িত উগ্ৰপন্থী পলাবলৈ সক্ষম হোৱা নাছিল বুলি NIA সূত্ৰই দাবী কৰিছে। দক্ষিণ কাশ্মীৰত আত্মগোপন কৰি আছে। অৱশ্যে অঞ্চলটোত আৰু বহু উগ্ৰপন্থীয়ে আত্মগোপন কৰি থকা বুলিও সূত্ৰটোৱে দাবী কৰিছে।

 

উগ্ৰপন্থী সংগঠনটোৱে খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই লৈ ফুৰিছে যাতে তেওঁলোকে আৰু বহু দিন পাহাৰীয়া জংঘলত আত্মগোপন কৰিব পাৰে।

তদন্তকাৰীৰ মতে,স্থানীয় সহযোগিতা অবিহনে উগ্ৰপন্থীসকলে ইমান দিনে খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই নিয়াটো সম্ভৱ নহয়।

এনআইএৰ সূত্ৰ অনুসৰি, আক্ৰমণৰ পাছত সন্ত্ৰাসবাদীসকলে উদ্যানখনৰ বাওঁফালে বনাঞ্চলৰ ফালে পলাই যায়।

আক্ৰমণৰ সময়ত, উগ্ৰপন্থীসকলে এক উচ্চ-সুৰক্ষা যোগাযোগ ব্যৱস্থাৰ জৰিয়তে ইজনে সিজনৰ স’তে বাৰ্তালাপ কৰি আছিল। যি যোগাযোগ প্ৰণালীত চিম কাৰ্ডৰ প্ৰয়োজন নাই।

যি কথা-বতৰা চলি আছে সেইটো চিনাক্ত কৰাটোও সম্ভৱ নহয়। এন আই এৰ সূত্ৰ অনুসৰি বৈশাৰণ উপত্যকাত তিনিটা চেটেলাইট ফোন ব্যৱহাৰৰ প্ৰমাণ পোৱা গৈছে। ইয়াৰ ভিতৰত দুটা ফোন চিগনেল চিনাক্ত কৰা হৈছে।

Exit mobile version