পাকিস্তানৰ স’তে ‘ডিজিটেল যুদ্ধ’, এইবাৰ কেন্দ্ৰই বন্ধ কৰিলে শ্বাহবাজ শ্বৰীফৰ ইউটিউব চেনেল

1746186541 sarif youtube

Pahalgam Tensions: পহলগাম পৰিস্থিতিত আন এটা গুৰুত্বপূৰ্ণ পদক্ষেপ ল’লে কেন্দ্ৰই। এইবাৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ ইউটিউব চেনেল ব্লক কৰাৰ সিধান্ত ল’লে মোডী চৰকাৰে।

অভিযোগ অনুসৰি পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ ইউটিউব চেনেলৰ পৰা ভাৰত বিৰোধী আৰু উচটনিমূলক ভিডিঅ’ পোষ্ট কৰা হৈছিল।

ভাৰত চৰকাৰে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি সেই একাউণ্টটো ব্লক কৰাৰ সিদ্ধান্ত লৈছে।

এইটো কেৱল কূটনৈতিক চাৰ্জিকেল ষ্ট্ৰাইকে নহয়। পহলগাম আক্ৰমণৰ পৰিপ্ৰেক্ষিতত, পাকিস্তানীসকলকো বাছনি কৰি সংবাদ মাধ্যমত নিষিদ্ধ কৰা হৈছে।

ক’ব পাৰি যে চৰকাৰ পাকিস্তানৰ স’তে এক প্ৰকাৰৰ ডিজিটেল যুদ্ধৰ পথত আগবাঢ়িছে। ইতিমধ্যে সেই দেশৰ কেবাজনো চেলিব্ৰিটিৰ ইউটিউব চেনেল বন্ধ কৰি দিছে পাকিস্তান চৰকাৰে। আনহাতে কেবাগৰাকীও প্ৰাক্তন ক্ৰিকেটাৰৰ ছ’চিয়েল মিডিয়া একাউণ্টোও ব্লক কৰা হৈছে।

দুদিন পূৰ্বে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ এক্স হেণ্ডেলো ব্লক কৰিছে ভাৰতে ।

এইবাৰ দেশত ব্লক কৰা হৈছে চুবুৰীয়া দেশৰ প্ৰধানমন্ত্ৰীৰ ইউটিউব চেনেল। যিটো সঁচাকৈয়ে অভূতপূৰ্ব। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে পাকিস্তানে কি পদক্ষেপ ল’ব সেইয়া হ’ব লক্ষ্যণীয়।

ভাৰতে ইতিমধ্যে পাকিস্তানৰ কেবাটাও ইউটিউব চেনেলক উস্কানিমূলক বাতৰি প্ৰচাৰৰ বাবে নিষিদ্ধ কৰিছে। এই চেনেলবোৰে ভাৰতীয় সেনাৰ বিষয়ে নেতিবাচক মন্তব্য কৰাৰো অভিযোগ উত্থাপিত হৈছে।

এই চেনেলসমূহে ভাৰতীয় সেনাক লৈও নেতিবাচক মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছিল।

উল্লেখ্য যে,পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে নতুন দিল্লীয়ে ইতিমধ্যে পাকিস্তানৰ ওপৰত কেবাটাও গুৰুত্বপূৰ্ণ সিধান্ত লৈছে ।

Exit mobile version