মুকলি হ’ল কেদাৰনাথৰ দুৱাৰ ! 

images 13

আজিৰে পৰা আৰম্ভ হ’ল পবিত্ৰ চাৰধাম তীর্থযাত্ৰা । গংগোত্ৰী আৰু যমুনোত্রী ধামৰ দুৱাৰ ৩০ এপ্রিল অক্ষয় তৃতীয়াৰ দিনা ভক্তৰ বাবে মুকলি কৰা হৈছিল।

আনহাতে আজি মুকলি কৰা হৈছে কেদাৰনাথ ধামৰ দুৱাৰ । ইয়াৰ পাছত চাৰি মে’ত মুকলি কৰা হ’ব বদ্রীনাথ ধামৰ দুৱাৰ।

আজি পুৱা বিধি বিধান অনুসৰি পূজা-অৰ্চনাৰ পাছত কেদাৰনাথৰ দুৱাৰ মুকলি কৰা হয়। ইয়াৰ বাবে কেদাৰনাথ চৌহদত ব্যাপক প্রস্তুতি চলোৱা হয়।

ঐতিহাসিক মন্দিৰটো ইতিমধ্যে ১০ হেজাৰ কিলোগ্রাম ফুলৰে সজাই তোলা হৈছে। কেদাৰনাথৰ পুষ্পসজ্জাত ৪৫ বিধ ফুল ব্যৱহাৰ কৰা হৈছে।

এইসমূহ ফুল দেশৰ আঠ ৰাজ্যৰ লগতে তিনিখন বিদেশৰ পৰাও সংগ্রহ কৰা হৈছে। বডুদ্ৰা আৰু কলকাতাৰ পুষ্পশিল্পীয়ে কেদাৰনাথক সজাই তুলিলে।

দুৱাৰ মুকলিৰ পাছত আগন্তুক ছমাহলৈকে ভক্তই কেদাৰনাথ দৰ্শন কৰিব পাৰিব। জুন-আগষ্টৰ সময়ছোৱাত বতৰ অনুকূল থাকিলে এইবাৰ ২৫ লাখৰো অধিক ভক্তই কেদাৰনাথ দৰ্শন কৰাৰ সম্ভাৱনা আছে।

Exit mobile version