বলিউডত শোকৰ ছাঁ

বলিউডৰ ফিল্মী পৰিয়ালৰ অন্যতম পুৰণি আৰু প্ৰভাৱশালী ব্যক্তিৰ দেহাৱসান

images 3

Nirmal Kapoor : অনিল কাপুৰ আৰু বনী কাপুৰৰ মাতৃ নিৰ্মাল কাপুৰৰ দেহাৱসান। শুকুৰবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় অভিনেতা অনিল কাপুৰr মাতৃ নিৰ্মাল কাপুৰে।

এই কঠিন সময়ত কাপুৰ পৰিয়ালৰ কাষত দেখিবলৈ পোৱা গ’ল ৰাণী মুখাৰ্জী, কৰণ জোহৰ, ফাৰাহ খান, ৰবীনা টণ্ডন, অনুপম খেৰ, জাভেদ আখটাৰ, ৰাজকুমাৰ সন্তোষী সহ একাধিক বলিউড তাৰকা ।

বলীউডৰ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ আছিল নিৰ্মাল কাপুৰ। কিছুদিন পূৰ্বে শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাৰ বাবে তেওঁক মুম্বাইৰ কোকিলাবেন ধীৰুভাই চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তাতে তেওঁ শুকুৰবাৰে শেষ নিশ্বাস ত্যাগ কৰে ।

মৃত্যুৰ সময়ত নিৰ্মালৰ বয়স আছিল ৯০ বছৰ। শনিবাৰে পুৱা ১১.৩০ বজাত পৱন হংস শ্মশানত তেওঁৰ অন্তিম সংস্কাৰ সম্পন্ন কৰা হয়।

বলিউডৰ ফিল্মী পৰিয়ালৰ অন্যতম পুৰণি আৰু প্ৰভাৱশালী ব্যক্তিৰ মৃত্যুত উদ্যোগটোত শোকৰ ছাঁ পৰিছে।

Exit mobile version