LoC: পাকিস্তানে পুনৰ দেওবাৰে নিশা নিয়ন্ত্ৰণ ৰেখাত নিৰ্বিচাৰভাৱে গুলীচালনা কৰি যুদ্ধবিৰতি চুক্তি উলংঘা কৰে । এইটো একেৰাহে ১১ তম দিন য’ত পাকিস্তান সেনাই জম্মু আৰু কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত অপ্ৰৰোচিত গুলীবৰ্ষণ কৰিছে।
কাশ্মীৰৰ কুপৱাৰা, বাৰামুল্লা, পুঞ্চ, ৰাজৌৰী, মেন্ধৰ, নৌচেৰা, সুন্দৰবাণী আৰু আখনূৰত থকা ভাৰতীয় সেনা চকীক লক্ষ্য কৰি সীমান্তৰ সিপাৰৰ পৰা গুলী চলোৱা হয়। পাকিস্তানৰ এই আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই ভাৰতীয় সেনাই।
বিগত ২২ এপ্ৰিলত পহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত ২৬ জন লোক নিহত হোৱাৰ পাছতে ভাৰত চৰকাৰে পাকিস্তানৰ বিৰুদ্ধে কেবাটাও কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে।
সন্ত্ৰাসবাদক সমৰ্থন কৰাৰ অভিযোগত কেন্দ্ৰই পাকিস্তানৰ স’তে হোৱা সিন্ধু জল সন্ধি চুক্তিও সাময়িকভাৱে স্থগিত ৰখাৰ কথা ঘোষণা কৰে।
দুয়োখন দেশৰ মাজত বাণিজ্য স্থগিত ৰখাকে ধৰি আন কেবাটাও পদক্ষেপ গ্ৰহণ কৰা হয়। তেতিয়াৰ পৰাই, সীমান্তত যথেষ্ট উত্তেজনা আছে।
২২ এপ্ৰিলৰ ঘটনাৰ পাছত পাকিস্তানে ২৪ এপ্ৰিলৰ পৰা নিৰন্তৰ যুদ্ধবিৰতি চুক্তি উলংঘা কৰি আহিছে। যোৱা কিছুদিনত কুপৱাৰা, আখনুৰ, বাৰামুলাকে ধৰি কেবাটাও খণ্ডত যুদ্ধবিৰতি উলংঘন কৰা হৈছে। প্ৰতিবাৰেই, পাকিস্তানক সেনাই উপযুক্ত প্ৰত্যুত্তৰ দিছে।
জ্ঞাত সূত্ৰৰ মতে, উপত্যকাত সেনাৰ অভিযান আৰম্ভ হোৱাৰ পাছত উগ্ৰপন্থীসকলক নিৰাপদে পাকিস্তানলৈ ঘূৰাই পঠিয়াবলৈ পাকিস্তানী সেনাই এই কৌশল অৱলম্বন কৰিছে।
