infiltration :পহলগাম কাণ্ডৰ বাবে ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। এই পৰিস্থিতিত পঞ্জাৱৰ গুৰদাসপুৰত গ্ৰেপ্তাৰ হ’ল এজন পাকিস্তানী নাগৰিক। তেওঁৰ হাতত এখন পাকিস্তানী পৰিচয় পত্ৰও আছিল। ধৃত ব্যক্তিজনৰ নাম হুছেইন। বৰ্তমান তেওঁ পঞ্জাৱ আৰক্ষীৰ জিম্মাত আছে।
আৰক্ষীয়ে জনোৱা অনুসৰি, হুছেইনক ৩-৪ মে’ৰ মাজনিশা গুৰদাসপুৰত পাকিস্তানৰ পৰা সীমান্ত পাৰ হ’বলৈ চেষ্টা কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰা হয়।
তেওঁক দৰিয়া মনচুৰ সীমান্ত চৌকিৰ ওচৰৰ এটা জোপোহাৰ মাজত সীমান্ত ৰক্ষীসকলে দেখা পাইছিল। তেওঁৰ পৰা এটা পাকিস্তানী পৰিচয় পত্ৰ আৰু ৪০ টা পাকিস্তানী মুদ্ৰাও উদ্ধাৰ কৰা হয়।
আৰক্ষীয়ে জনোৱা অনুসৰি, তেওঁ পাকিস্তানৰ গুজৰানৱালা চহৰৰ বাসিন্দা।
