Terrorist : পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত উগ্ৰপন্থীক সহায় কৰা বুলি সন্দেহ কৰা এজন যুৱকৰ মৃতদেহ উদ্ধাৰ । দেওবাৰে পুৱা কুলগামৰ আহৰবাল অঞ্চলত ইমতিয়াজ আহমেদ মাগ্ৰে নামৰ ২৩ বছৰীয়া যুৱকৰ মৃতদেহ নদীৰ পৰা উদ্ধাৰ কৰে।
এই ঘটনাত যুৱকজনৰ পৰিয়ালে আৰক্ষীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰি ন্যায়িক তদন্তৰ দাবী জনাইছে। আৰক্ষীয়ে জনোৱা অনুসৰি, যুৱকজনে পলায়ন কৰিবলৈ গৈ নদীত জপিয়াই পৰে, যাৰ বাবে তেওঁৰ মৃত্যু হয়।
আৰক্ষীয়ে তেওঁলোকৰ এই দাবীৰ সমৰ্থনত এটা ভিডিঅ’ প্ৰকাশ কৰিছে। ঘটনাটোক কেন্দ্ৰ কৰি
উত্তপ্ত হৈ পৰিছে ভূস্বৰ্গৰ ৰাজনীতি ।
উল্লেখ্য যে,বিগত ২২ এপ্ৰিলৰ পহলগাম সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোক নিহত হোৱাৰ পৰিপ্ৰেক্ষিতত সেনা আৰু আৰক্ষীয়ে সমগ্ৰ কাশ্মীৰত তালাচী অভিযান আৰম্ভ কৰিছে।
উগ্ৰপন্থীসকলক সহায় কৰাৰ অভিযোগত বহুতো সন্দেহজনক লোকক গ্ৰেপ্তাৰ কৰি জেৰা চলাই আছে। আৰক্ষীৰ সন্দেহজনক তালিকাত থকা ইমতিয়াজকো গ্ৰেপ্তাৰ কৰা হৈছিল।
অভিযোগ অনুসৰি ইমতিয়াজে পহলগামত সন্ত্ৰাসবাদীসকলক খাদ্য আৰু বাসস্থানৰ যোগান ধৰিছিল। জেৰাৰ সময়ত, অভিযুক্তজনে উগ্ৰপন্থীসকলক সহায় কৰাৰ কথা স্বীকাৰ কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
উগ্ৰপন্থীয়ে জংঘলত শিবিৰ পাতি থকা ঠিকনা বিচাৰি ইমতিয়াজৰ সৈতে নিৰাপত্তা বাহিনীয়ে ৰাওনা হয়। সেই সময়ত, অভিযুক্তজনে আৰক্ষীৰ পৰা পলাই যাবলৈ চেষ্টা কৰে।
আৰক্ষীৰ দাবী, লস্কৰ উগ্ৰপন্থীৰ সন্দেহযুক্ত উগ্ৰপন্থীয়ে নদীত জপিয়াই আত্মহত্যা কৰে। ইমতিয়াজে নদীত জপিয়াই পৰাৰ ভিডিঅ’ ফুটেজো আৰক্ষীয়ে প্ৰকাশ কৰিছে।
ইফালে, ইমতিয়াজৰ মৃত্যুত জম্মু-কাশ্মীৰৰ ৰাজনীতি উত্তপ্ত হৈ পৰিছে। মন্ত্ৰী ছাকিনা ইটুৱে ইমতিয়াজৰ মৃত্যুৰ ন্যায়িক তদন্তৰ দাবী জনাইছে। তেওঁৰ অভিযোগ,”এই মৃত্যুসম্পৰ্কে আৰক্ষীৰ ৰেকৰ্ডত কোনো তথ্য নাই। পহলগামত সংঘটিত ঘটনাটোত আমি দুখিত। কিন্তু এই ঘটনাই সমগ্ৰ উপত্যকাটোত ভয়ৰ পৰিৱেশ সৃষ্টি কৰিছে। মই উপ ৰাজ্যপাল মনোজ সিনহাক ন্যায়িক তদন্তৰ নিৰ্দেশ দিবলৈ অনুৰোধ জনাইছো যাতে সত্যটো ওলাই আহে। আৰু প্ৰশাসনক এইটো চাবলৈ নিৰ্দেশ দিয়া উচিত যে তদন্তৰ নামত নিৰীহ লোকসকলক হাৰাশাস্তি বা ক্ষতি কৰা নহয়।”
জম্মু আৰু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু পিডিপি নেতা মেহবুবা মুফতীয়েও বিষয়টো উত্থাপন কৰিছে।
এই বিষয়ততেওঁ এক্স হেণ্ডেলত লিখিছে,কুলগামত ইমতিয়াজ নামৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। স্থানীয় লোকে দাবী কৰিছিল যে আৰক্ষীয়ে যুৱকজনক দুদিন আগতে সোধা-পোছাৰ বাবে আটক কৰিছিল। তাৰ পাছত নদীৰ পৰা তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। এই ঘটনাটোৱে গুৰুতৰ প্ৰশ্ন উত্থাপন কৰে।
পহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণ উপত্যকাত শান্তি, পৰ্যটন আৰু সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰাৰ এক সুপৰিকল্পিত প্ৰয়াস। অৱশ্যে, যদি এই ঘটনাৰ ফলত উপত্যকাৰ লোকসকলক নিৰ্বিচাৰে গ্ৰেপ্তাৰ কৰা হয়, ঘৰ ধ্বংস কৰা হয় আৰু সাধাৰণ লোকক লক্ষ্য কৰা হয়, তেন্তে অপৰাধীসকলে তেওঁলোকৰ লক্ষ্যত সফল হৈছে।
