প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰে জড়িতৰ অভিযোগত পুনৰ নিলম্বনৰ নিৰ্দেশ।ৰাজ্যত একেলগে নিলম্বন হ’ল ন অধ্যক্ষসহ এগৰাকী বিষয় শিক্ষয়িত্ৰী।
কেউগৰাকী অভিযুক্তকে নিলম্বন কৰে মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজায়ে।ইয়াৰ বাবে পৃথকে পৃথকে জাৰি কৰে প্ৰয়োজনীয় নিৰ্দেশনা ।
কেউজনৰ বিৰুদ্ধে ASSEBৰ একাদশ শ্ৰেণীৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ অভিযোগ।ইয়াকে লৈ শ্ব’কজৰ সন্মুখীন হৈছিল কেউগৰাকী কিন্তু শ্ব’কজৰ সদুত্তৰ দিব নোৱাৰিলে অভিযুক্ত শিক্ষক-শিক্ষয়িত্ৰীয়ে।ইয়াৰ বাবেই তৎকালে কাৰ্যকৰী হোৱাকৈ কেউগৰাকীকে নিলম্বনৰ নিৰ্দেশ
প্ৰশ্নকাকত ফাদিল কৰি নিলম্বিত হ’ল শোণিতপুৰৰ নাৰেংকাটি HSSৰ অধ্যক্ষ ডঃ ৰোহিত চন্দ্ৰ ৰাভা।ডঃ ৰাভাৰ বিৰুদ্ধে শিক্ষা বিষয়ৰ প্ৰশ্নকাকত ফাদিলৰ অভিযোগ।
নগাঁৱৰ PM শ্ৰী কঠিয়াতলী HSSৰ অধ্যক্ষা সন্ধ্যা বেজবৰাকো নিলম্বন ।অধ্যক্ষা বেজবৰাৰ বিৰুদ্ধেও শিক্ষা বিষয়ৰ প্ৰশ্নকাকত ফাদিলৰ অভিযোগ ।
ঐচ্ছিক অসমীয়া বিষয়ৰ প্ৰশ্নকাকত ফাদিল কৰি নিলম্বিত হ’ল বিষয় শিক্ষয়িত্ৰী হিমানী দত্ত।নিলম্বিত হিমানী দত্ত গোৱালপাৰাৰ বগুৱান HSS ৰ বিষয় শিক্ষয়িত্ৰী।
ধেমাজিৰ বৰডলনি HSSৰ অধ্যক্ষা কবিতা চুতীয়াকো নিলম্বন।প্ৰশ্নকাকত ফাদিলৰ অভিযোগতে নিলম্বন চুতীয়াক।
নিলম্বিত হ’ৰ ধেমাজি গাৰ্লছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ চক্ৰৱৰ্তী বৰগোহাঞিও।
বৰগোহাঞিৰ বিৰুদ্ধেও প্ৰশ্নকাকত ফাদিলৰ অভিযোগ।
পশ্চিম জোনাই ছিনিয়ৰ ছেকণ্ডাৰী স্কুলৰ অধ্যক্ষ গোপীৰাম দলেকো নিলম্বন।
দলেৰ বিৰুদ্ধেও একাদশ শ্ৰেণীৰ প্ৰশ্নকাকত ফাদিলৰ অভিযোগ।
মাজুলীৰ কমলাবাৰী সত্ৰ HSSৰ অধ্যক্ষা লীলামনি বৰগোহাঞিকো নিলম্বন।
প্ৰশ্নকাকত ফাদিল কৰিয়ে নিলম্বিত হ’ল অধ্যক্ষা বৰগোহাঞি ।
ধুবুৰীৰ লক্ষীগঞ্জ HSSৰ অধ্যক্ষ মইনুল হক মণ্ডলকো নিলম্বন।নিলম্বিত অধ্যক্ষ মণ্ডলৰ বিৰুদ্ধেও অনুৰূপ অভিযোগ।নিলম্বিত হ’ল ৰঙিয়া গাৰ্লছ HSSৰ i/c অধ্যক্ষ প্ৰদীপ কুমাৰ কলিতাও।নিলম্বিত কলিতাৰ বিৰুদ্ধেও প্ৰশ্নকাকত ফাদিলৰ অভিযোগ
