Pahalgam Terror Attack: পহলগামৰ হত্যাকাণ্ডৰ পৰিৱেশত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ফোনযোগে কথা পাতিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগত ।
সোমবাৰে দুয়োখন দেশৰ ৰাষ্ট্ৰপতি দুজনে কেবাটাও বিষয়ত আলোচনা কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি তেওঁ পহলগাম হত্যাকাণ্ডক তীব্ৰ গৰিহণা দিয়ে।
লগতে পুটিনে ভাৰতক সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ “সম্পূৰ্ণ সমৰ্থন”ৰ আশ্বাস দিয়ে।
দুয়োখন দেশৰ ৰাষ্ট্ৰপতিৰ মাজত হোৱা ফোন কথোপকথন সন্দৰ্ভত এক্স হেণ্ডেলত পোষ্ট কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে। তাতেই তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক দ্বিতীয় বিশ্বযুদ্ধৰ ৮০ বছৰীয়া জয়ন্তীৰ শুভেচ্ছা জনাইছে।
ভাৰতত অনুষ্ঠিত হ’বলগীয়া বাৰ্ষিক সন্মিলনত অংশগ্ৰহণৰ বাবেও তেওঁ ৰাছিয়াৰ ৰাষ্ট্ৰপতিক আমন্ত্ৰণ জনায়।
