পহলগাম আক্ৰমণৰ পৰিপ্ৰেক্ষিতত সেনাৰ বৃহৎ সফলতা

কাশ্মীৰত অস্ত্ৰসহ গ্ৰেপ্তাৰ উগ্ৰপন্থীৰ দুই সহযোগী

pahalgam cover

Jammu and Kashmir : পহলগাম আক্ৰমণৰ মাজতে কাশ্মীৰত সেনাই অৰ্জন কৰে বৃহৎ সফলতা । সীমান্ত পৰীক্ষাৰ সময়ত গ্ৰেপ্তাৰ হ’ল দুজন লোক। গ্ৰেপ্তাৰ কৰা লোক দুজনৰ পৰা উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ গোলবাৰুদ।

ADVERTISEMENT

সেনাৰ সূত্ৰ অনুসৰি গ্ৰেপ্তাৰ হোৱা লোকসকল উগ্ৰপন্থীৰ সহযোগী। তেওঁলোকক জম্মু আৰু কাশ্মীৰৰ বুদগাম জিলাৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।

ধৃতলোক দুজনৰ পৰা এটা পিষ্টল আৰু গ্ৰেনেডৰ উপৰিও ১৫ জাঁই গুলী উদ্ধাৰ কৰা হৈছে। আৰক্ষীয়ে নিৰ্দিষ্ট ধাৰাত গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। প্ৰাথমিক তথ্য অনুসৰি,ধৃত লোকদুজন উগ্ৰপন্থীৰ স’তে সম্পৰ্ক আছে। তেওঁলোকৰ স’তে আন কোনো লোক জড়িত আছে নে নাই সেই বিষয়ে জানিবলৈ তদন্ত অব্যাহত আছে।

উল্লেখ্য যে,বিগত ২২ এপ্ৰিলত পহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত ২৬ জন লোক নিহত হয়। তেতিয়াৰ পৰাই ভাৰত চৰকাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথা ঘোষণা কৰিছে।

চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানে সন্ত্ৰাসবাদক সমৰ্থন কৰা বুলি অভিযোগ উত্থাপন কৰি কেবাটাও পদক্ষেপ গ্ৰহণ কৰিছে মোডী চৰকাৰে। বিনিময়ত পাকিস্তানেও কেবাটাও সিদ্ধান্ত ঘোষণা কৰে। তেতিয়াৰ পৰাই দুয়োখন দেশৰ মাজত এক বৃহৎ উত্তেজনাৰ পৰিস্থিতি সৃষ্টি হয়।

Exit mobile version