পাঁচদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে নিউজিলেণ্ড আৰু ফিজিলৈ কেন্দ্ৰীয় বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

IMG 20250506 130744

অহা আঠ মে’ৰ পৰা ১২ মে’লৈ নিউজিলেণ্ড আৰু ফিজি ভ্ৰমণ কৰিব কেন্দ্ৰীয় বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। মন্ত্ৰীগৰাকীয়ে আঠ আৰু ন মে’ তাৰিখে নিউজিলেণ্ড ভ্ৰমণৰ সময়ত দেশখনৰ ৰাজনৈতিক নেতৃত্বৰ স’তে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব বুলি আশা কৰা হৈছে।

তদুপৰি মন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণকালত দেশখনৰ বাণিজ্যিক ক্ষেত্ৰৰ ল’ব্ধপ্ৰতিষ্ঠ নেতৃত্ব আৰু অকলেণ্ডত প্ৰবাসী ভাৰতীয়সকলৰ স’তেও বাৰ্তালাপ কৰিব।

ৰাজ্যিক বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ফিজিত তৃতীয় গিৰমিট দিৱসৰ অনুষ্ঠানত আমাৰ দেশক প্ৰতিনিধিত্ব কৰি সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব ।

তদুপৰি তেওঁ ফিজিৰ ৰাজনৈতিক নেতাসকলৰ সৈতেও বৈঠকত মিলিত হ’ব। উল্লেখ্য যে শেহতীয়াকৈ নিয়মীয়া দ্বিপাক্ষিক আদান-প্ৰদানৰ জৰিয়তে প্ৰশান্ত মহাসাগৰীয় দেশসমূহৰ স’তে ভাৰতৰ সম্পৰ্ক বৈচিত্ৰ্যময় আৰু অধিক শক্তিশালী হৈ উঠিছে।

কেন্দ্ৰীয় বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ আগন্তুক ফিজি আৰু নিউজিলেণ্ড ভ্ৰমণে প্ৰশান্ত মহাসাগৰীয় দ্বীপ ৰাষ্ট্ৰসমূহৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্কক এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে ।

Exit mobile version