ভয়াৱহ বতাহ,বৰষুণ,বজ্ৰপাতৰ ফলত গুজৰাটত এদিনতে ১৩ জন লোকৰ মৃত্যু!

1746535318 thunder storm

Thunderstorm:গুজৰাটত ধুমুহা, বৰষুণ আৰু বজ্ৰপাতৰ ফলত এদিনতে ১৩ জন লোকৰ মৃত্যু। বতৰ বিজ্ঞান বিভাগে ধাৰাসাৰ বৰষুণ আৰু প্ৰতি ঘণ্টাত ৫০-৬০ কিলোমিটাৰ বেগেৰে বতাহৰ আগজাননী দিছে।

ADVERTISEMENT

ৰাজ্যিক প্ৰশাসনৰ মতে, ধুমুহা আৰু বৰষুণৰ ফলত যথেষ্ট লোকৰ সম্পত্তি ক্ষতিগ্ৰস্ত হৈছে। বহুলোকৰ ঘৰ খহি পৰাৰ লগতে কৰবাত বিদ্যুতৰ খুটাও উভালি গৈছে ।

অৱশ্যে বতৰ বিজ্ঞান বিভাগে আগন্তুক এদিনৰ পৰা দুদিনলৈকে এই দুৰ্যোগ অব্যাহত থাকিব বুলি ভৱিষ্যদ্বাণী কৰিছে।

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্য অনুসৰি সোমবাৰে খেৰা, গান্ধীনগৰ, মেহছানা, আৰু বদোদৰা জিলাত প্ৰচণ্ড বৰষুণ আৰু ধুমুহাৰ স’তে ঘণ্টাত ৫০-৬০ কিলোমিটাৰ বেগেৰে বতাহ বলিছে।এই চাৰিখন জিলাত ২৫-৪০ মিলিমিটাৰ বৰষুণ হৈছে।

আহমেদাবাদ, আনন্দ, খেদা, দহোদ, আৰৱল্লী আৰু বদোদৰাত মুঠ ১৪ জন লোকৰ মৃত্যু হৈছে। ইয়াৰে খেৰা জিলাত চাৰি জন লোকৰ মৃত্যু হৈছে।

বদোদৰাত তিনিজন লোকৰ মৃত্যু। আহমেদাবাদ, দহোদ আৰু আৰাৱল্লীত দুজনকৈ লোকৰ মৃত্যু।

Exit mobile version