শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

images 9

সৰু ল’ৰা-ছোৱালীয়ে স্কুলৰ ব্লেকব’ৰ্ডৰ আখৰ চাওঁতে বা বহীত উত্তৰ লিখিবলৈ অসুবিধা ভোগ কৰিছে; তেনে লক্ষণ দেখা পালেই চিকিৎসকৰ ওচৰলৈ নিয়া উচিত। শিশু বয়সত চকুৰ সমস্যা ধৰা পৰিলে অৱশ্যে সমাধানো সম্ভব।

ADVERTISEMENT

স্কুলৰ সমস্যা

শিশুৰ যদি চকুৰ সমস্যা থাকে, তেন্তে স্কুলৰ লিখা-পঢ়া বা পৰীক্ষাৰ ফলাফলত নেতিবাচক প্রভাৱ পৰে, যিটো অতি স্বাভাৱিক। দূৰৰ আখৰ দেখাত অসুবিধা হ’লে শিশুবে ব্লেকব’র্ডত লিখা আখৰ ভালদৰে চাব নোৱাৰে। আনহাতে, ওচৰৰ বস্তু দেখাত অসুবধা হ’লে পঢ়াত আৰু নিজৰ বহীত লিখাত অসুবিধা হয়। এইবোৰ অসুবিধাৰ কাৰণ শিশুৱে নিজে বুজি

নাপায় বা আনক ভালদৰে বুজাবও নোৱাৰে। চকুৰ পৰীক্ষা জৰুৰী

শিশু বয়সত চকুৰ পৰীক্ষা অতি জৰুৰী। কাৰণ কাৰোবাৰ চকুত যদি কোনো ত্রুটি, সমস্যা বা দেখাৰ অসুবিধা থাকে, তেন্তে সৰুতেই ধৰা পৰিলে সহজেই সঠিক চিকিৎসা কৰা সম্ভৱ। চিকিৎসকৰ মতে, ছবছৰ বয়স পর্যন্ত শিশুৰ দৃষ্টিশক্তিৰ সমস্যা ভাল কৰা সম্ভৱ। কিন্তু ১০ বছৰ অতিক্ৰম কৰাৰ পাছত চকুত কোনো ত্রুটি থাকিলে ভাল কৰাটো অসম্ভৱ বা অতি কঠিন হৈ পৰে।

সমস্যাৰ উপলব্ধি

শিশুৱে নিজৰ সমস্যাবোৰ বুজিব নোৱাৰে। সেয়ে পিতৃ-মাতৃয়েই লক্ষ্য ৰাখিব লাগিব। শিশুটিক এটা চকু বন্ধ কৰি কিবা এটা চাবলৈ দিয়ক। সেইদৰে আনটো চকুৰেও পৰীক্ষা কৰক। শিশুটিয়ে দুয়োটা চকুৰে সমানভাৱে পৰিষ্কাৰকৈ দেখিছে নে নাই সেয়া লক্ষ্য কৰক। ইয়াৰ উপৰি লিখাৰ সময়ত আখৰৰ শাৰীবোৰ সৰল বা তল-ওপৰ হৈছে নেকি লক্ষ্য কৰিব।

ঘৰুৱা পৰীক্ষাৰ পাছত

ঘৰুৱা পৰীক্ষাৰ অন্তত কিবা যদি সন্দেহ থাকে, তেন্তে শিশুটিক চিকিৎসকৰ ওচৰলৈ নিব লাগিব। চিকিৎসকে প্রয়োজন অনুসাৰে চশমা বা ঔষধ প্রদান কৰিব।

বিশেষ চশমা

নিয়মিতভাবে চশ্মা পৰিধান কৰা অনেক শিশু আছে। অথচ সেই শিশুবে খেলা-ধুলা কৰাৰ সময়ত চকুৰ পৰা চশমা খুলি থয়। অৱশ্যে সেয়া উচিত নহয়। শিশুরে খেলা-ধূলা কৰিবলৈ বিশেষভাবে নির্মিত চশমা পোৱা যায়। সেয়ে খেলাৰ সময়ত তেনে চশমা পৰিধান কৰিবলৈ দিব লাগে। অন্যথা যিকোনো ধৰণৰ অঘটন ঘটিব পাৰে।

কিছু ডাঙৰ শিশুৰ ক্ষেত্রত

মাজে-মধ্যে চকু খজুওৱা, কপাল কোচাই চোৱা, লিখা বা ছবি আঁকাৰ সময়ত সোনকালে ক্লান্ত হোৱা, পঢ়া বা লিখাৰ সময় গতি অতি মন্থৰ হোৱা, ভুলকৈ পঢ়া বা লিখা আৰু টিভি চাওঁতে বেছি কাষলৈ গৈ চোরা। এইবোৰ লক্ষণ পিতৃ-মাতৃৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে চিকিৎসকক দেখুৱাব।

আন কেতবোৰ লক্ষণ

হঠাতে পৰীক্ষাৰ ফল বেয়া হোৱা, মাজে-মধ্যে ঘৰৰ আচবাব-পত্ৰতে উজুটি খোৱা, অন্ধকাৰত বাহিৰলৈ যাব নিবিচৰা, বন্ধুবোৰৰ পৰা কিছু আঁতৰি থকা আদি লক্ষম দেখিলে পলম নকৰি চিকিৎসকৰ ওচৰলৈ যোৱাই শ্রেয়।

Exit mobile version