বহুতে জানে যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শৰীৰ সুস্থ কৰি ৰাখিবলৈ বিভিন্ন ধৰণৰ খাদ্য গ্ৰহণ কৰে ৷ নিৰামষিভোজী হ’লেও তেওঁৰ খাদ্যত বৈচিত্ৰ্যৰ অভাৱ নাই। অৱশ্যে বহুতে নাজানে যে প্রধানমন্ত্ৰীয়ে নিয়মিতভাৱে বিভিন্ন শাক-পাচলিৰ ৰস খায়। চজিনাৰ ৰস মোদীৰ এক প্রিয় পানীয়। চজিনাৰ ৰস বনোৱাটো যথেষ্ট সহজ।
চজিনাৰ ৰস বনোৱাৰ পদ্ধতি
সামগ্ৰীসমূহ – দুই-তিনিটা মধ্যমীয়া আকাৰৰ চজিনা,এগিলাচ পানী, সোৱাদ অনুসৰি নিমখ বা মৌ (ঐচ্ছিক),অলপ নেমুৰ ৰস (ঐচ্ছিক)।
পদ্ধতি- প্রথমে চজিনাবোৰ ভালদৰে ধুব লাগে। চজিনাৰ বাহিৰৰ কঠিন ছালখন খোলা উলিয়াই ভিতৰৰ কোমল অংশটো আঁতৰাই পেলাওক।এই কোমল অংশটো সৰু সৰুকৈ কাটি লওক। কটা টুকুৰাবোৰ ব্ৰেণ্ডাৰত পানীৰ লগত মিহলাই লওক। মসৃণ ৰস গঠন হোৱালৈকে ভালদৰে মিহলাই লওক। ৰসখিনি ষ্ট্ৰেনাৰ ব্যৱহাৰ কৰি চেকি লওক যাতে কোনো গোট নাথাকে। ৰুচি অনুসৰি নিমখ বা মৌ দিব। ইচ্ছা কৰিলে অলপ নেমুৰ ৰস দিব পাৰে। স্বাস্থ্যকৰ চজিনাৰ ৰস সাজু।
এই ৰসৰ উপকাৰ : ৰোধ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ঃ চজিনাত প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু এন্টিঅক্সিডেন্ট থাকে। এই উপাদানসমূহে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে আৰু বিভিন্ন সংক্ৰমণৰ পৰা ৰক্ষা কৰে ।
হজম শক্তি উন্নত কৰে : চজিনাৰ ৰসত প্ৰচুৰ পৰিমাণে আহ থাকে, যিয়ে হজম শক্তি উন্নত কৰাত সহায় কৰে। ই কোষ্টকাঠিন্য দূৰ কৰাত সহায় কৰে আৰু অস্ত্ৰৰ সুস্বাস্থ্য বজাই ৰাখে ।
ব্লাড ছুগাৰ নিয়ন্ত্রণ : কিছুমান গৱেষণাৰ পৰা দেখা গৈছে যে চজিনাৰ ৰসে তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে। ডায়েবেটিছ ৰোগীৰ বাবে ই উপকাৰী, কিন্তু ডায়েবেটিছ ৰোগীয়ে এই ৰস পান কৰিব বিচাৰিলে প্ৰথমে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।






























