ছটা স্থানত ২৪ টা আক্ৰমণ, আঠ জনৰ মৃত্যু! 

ভাৰতৰ ‘অপাৰেচন সিন্দুৰ’ৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বিবৃতি জাৰি কৰিলে ইছলামবাদে

1746577966 pak 3

India-Pakistan : মাজনিশা পাকিস্তানৰ বিৰুদ্ধে প্ৰতিশোধ ল’লে ভাৰতে।এই আক্ৰমণত আঠজন লোক নিহত হৈছে বুলি ইছলামবাদে দাবী কৰে। এক সংবাদমেলত পাকিস্তানৰ আন্তঃ-সেৱা জনসম্পৰ্কৰ (আইএছপিআৰ) সঞ্চালক প্ৰধানে এই তথ্য প্ৰকাশ কৰে।

ADVERTISEMENT

প্ৰতিবেদন অনুসৰি, ভাৰতীয় বাহিনীয়ে পুৱা এক বজাৰ ভিতৰত পাকিস্তানৰ ছয়টা স্থানত ২৪ টা আক্ৰমণ চলাইছিল। সাধাৰণ নাগৰিকৰ ওপৰত আক্ৰমণ চলোৱা হৈছে বুলি দাবী কৰা হৈছে।

কেবাগৰাকী মহিলা আৰু শিশুৰ মৃত্যুৰ খবৰো জনাইছে পাকিস্তানে ।

বুধবাৰে পুৱা পাক আই এছ পি আৰৰ ডি জিয়ে সংবাদমেলত কয় যে, “বহাৱালপুৰৰ পূব আহমেদপুৰৰ সুভান মছজিদত আক্ৰমণ কৰা হয়। ইয়াত চাৰিটা আক্ৰমণত তিনি বছৰীয়া শিশুকে ধৰি পাঁচজন নিৰীহ লোক নিহত হয়।ইয়াৰ উপৰিও ইয়াত ৩১ জন লোক আহত হৈছে, ইয়াৰে ২৫ জন পুৰুষ আৰু ছগৰাকী মহিলা।”

তেওঁ লগতে কয়”মুজাফ্ফৰাবাদৰ বিলাল মছজিদক লক্ষ্য কৰি লোৱা হৈছিল। সাতটা আক্ৰমণত এজন লোক আহত হোৱাৰ লগতে মছজিদটো ধ্বংস কৰা হৈছে।”

বিবৃতি অনুসৰি, কোটলী অঞ্চলৰ আব্বাছ মছজিদত পাঁচটাকৈ আক্ৰমণ সংঘটিত হয়। দুজন লোকৰ মৃত্যু হয়। ইয়াৰে এজন ১৮ বছৰীয়া যুৱক আৰু আনজন ১৬ বছৰীয়া কিশোৰী। আহত এগৰাকী মহিলা আৰু তেওঁৰ কন্যা।

মুৰিদকেৰ উমালকুৰা মছজিদত চাৰিটাকৈ আক্ৰমণ সংঘটিত হয়। তাত এজন লোকৰ মৃত্যু আৰু এজন আহত। লগতে দুজন লোক সন্ধানহীন।এই স্থানৰ মছজিদটোও ধ্বংস কৰা হয়।

ছিয়ালকোটৰ কোটকী লোহাৰা গাঁৱত সংঘটিত হৈছে দুটাকৈ আক্ৰমণ। ইয়াত কোনো লোক হতাহতি হোৱাৰ খবৰ পোৱা নাই। ইয়াৰ উপৰিও শকৰগড়ৰ সমীপতো দুটা আক্ৰমণ সংঘটিত হয়। এতিয়ালৈকে কোনো লোক হতাহতি হোৱাৰ খবৰ পোৱা নাই। পাকিস্তানৰ আই এছ পি আৰৰ ডি জিয়ে ভাৰতৰ ‘অপাৰেচন সিন্দুৰ’ক ‘অপ্ৰৰোচিত, কাপুৰুষীয়া আক্ৰমণ’ বুলি অভিহিত কৰিছে। তেওঁ জনাইছে যে ইয়াৰ উত্তৰ দিয়া হৈছে আৰু হ’ব।

Exit mobile version