প্ৰতিশোধ ! নিশা উজাগৰে অজিত ডোভালৰ স’তে ‘অপাৰেচন সিন্দুৰ’ত তীক্ষ্ণ দৃষ্টি মোদীৰ 

1744362115 modi

India- Pakistan

ADVERTISEMENT

পাকিস্তানত প্ৰতিশোধ, নিশা উজাগৰে অজিত ডোভালৰ স’তে ‘অপাৰেচন সিন্দুৰ’ত তীক্ষ্ণ দৃষ্টি মোদীৰ

মঙলবাৰে মাজনিশাৰ পাছতে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত আক্ৰমণ চলালে ভাৰতীয় সেনাই ।

পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰৰ ৯টা স্থানত সন্ত্ৰাসবাদী আন্তঃগাঁথনি লক্ষ্য কৰি ‘প্ৰিচিচন ষ্ট্ৰাইক’ চলোৱা হৈছে।

নতুন দিল্লীত নিশা’ অপাৰেচন সিন্দুৰ’ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে তেওঁক পৰিস্থিতিটোৰ বিষয়ে নিৰন্তৰ আপডেট কৰি আহিছে।

চৰকাৰী সূত্ৰ অনুসৰি,’অপাৰেচন সিন্দৰ’ৰ চলাকালীন নতুন দিল্লীত নিশা উজাগৰে পাৰ কৰে প্ৰধানমন্ত্ৰীয়ে।ঘটনাৰ ওপৰত তেওঁ তীক্ষ্ণ দৃষ্টি ৰাখে ।

তেওঁৰ লগত উপস্থিত আছিল ডোভাল, প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল অনিল চৌহানকে ধৰি চোৰাংচোৱাৰ জ্যেষ্ঠ বিষয়াসকল।

প্ৰধানমন্ত্ৰীয়ে মঙলবাৰে নিশাৰ পৰা বুধবাৰে ৰাতিপুৱালৈকে সেনা, নৌ সেনা আৰু বায়ু সেনাৰ শীৰ্ষ বিষয়াসকলৰ স’তে কেবাবাৰো বাৰ্তালাপ কৰে।

সূত্ৰ অনুসৰি, পহলগাঁও আক্ৰমণৰ পিছত ‘অপাৰেচন সিন্দুৰ’ৰ পৰিকল্পনা চূড়ান্ত হৈছিল। নতুন দিল্লীয়ে ইতিমধ্যেই জনাইছিল যে,ভাৰতে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে পাকিস্তানক নিজৰ সময় আৰু নিজৰ পছন্দৰ স্থানত প্ৰত্যুত্তৰ দিব।

সেই অনুসৰি, মঙলবাৰে নিশা ভাৰতীয় বাহিনীয়ে পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত আঘাত কৰে।

Exit mobile version