ভাৰতৰ প্ৰতিশোধ সন্দৰ্ভত দিল্লীত সংবাদমেলত কৰ্ণেল ছফিয়া কুৰেশ্বী! 

ইয়াৰ পূৰ্বেও এই অভিলেখ ভংগ কৰিছিল ৩৫ বছৰীয়া বিষয়াগৰাকীয়ে

1746600984 sofia

Operation Sindoor :পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে পাকিস্তানৰ বিৰুদ্ধে প্ৰতিশোধ ল’লে ভাৰতে। সামৰিক অভিযানৰ নাম দিয়া হৈছে ‘অপাৰেচন সিন্দুৰ’। বুধবাৰে পুৱা ভাৰতীয় সেনাৰ এই সংক্ৰান্তীয় সংবাদমেলত উপস্থিত থাকে কৰ্ণেল ছফিয়া কুৰেশ্বী।

ADVERTISEMENT

ছফিয়াই উইং কমাণ্ডাৰ ব্যোমিকা সিঙৰ স’তে সংবাদমেলত পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিসমূহ কেনেকৈ লক্ষ্য কৰি ধ্বংস কৰা হৈছিল সেই বিষয়েও ব্যাখ্যা কৰে। ভাৰতীয় সেনাবাহিনীত তেওঁ গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত।

ছফিয়া ভাৰতীয় সেনাৰ সামৰিক যোগাযোগ আৰু ইলেক্ট্ৰনিকছ অপাৰেচন সহায়ক শাখা চিগনেল কৰ্পছৰ অন্যতম শীৰ্ষ বিষয়া। ৩৫ বছৰীয়া বিষয়াগৰাকী সেনাৰ কেবাটাও গুৰুত্বপূৰ্ণ সাফল্যৰ স’তে জড়িত হৈ আছে।

তেওঁ প্ৰথমবাৰৰ বাবে ২০১৬ চনত শিৰোনাম দখল কৰিছিল। সেই বছৰ ছফিয়াই ১৮খন দেশৰ সন্মুখত ভাৰতৰ সামৰিক অনুশীলনৰ নেতৃত্ব দিছিল। প্ৰথম মহিলা হিচাপে তেওঁ এই কৃতিত্ব অৰ্জন কৰিছিল। সেই সময়ত ছফিয়া লেফটেনেণ্ট কৰ্ণেল আছিল। পুনেত অনুষ্ঠিত সামৰিক অনুশীলন ভাৰতত অনুষ্ঠিত হোৱা সৰ্ববৃহৎ বিদেশী সামৰিক অনুশীলন আছিল।

জাপান, চীন, আমেৰিকা, ৰাছিয়াৰ দৰে দেশসমূহে দুই মাৰ্চৰ পৰা আঠ মাৰ্চলৈকে এই অনুশীলনত অংশগ্ৰহণ কৰিছিল।আন কোনো দেশত এই অনুশীলনৰ নেতৃত্ব দিয়া কোনো মহিলা নাছিল।

এই অনুশীলনত ছফিয়াই নেতৃত্ব দিছিল ৪০ জনীয়া ভাৰতীয় সেনাৰ এটা দল। এই অনুশীলনৰ লক্ষ্য আছিল শান্তিৰক্ষা অভিযান। তেওঁ এই অনুশীলনত নিজৰ যোগ্যতাৰ ভিত্তিত নেতৃত্ব লাভ কৰিছিল।

শান্তিৰক্ষাৰ কামতো ছফিয়াৰ বহু অভিজ্ঞতা আছে। ২০০৬ চনত কংগোত ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানত সামৰিক পৰ্যবেক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।ছফিয়াৰ পৰিয়ালতো সামৰিক বাহিনীৰ ইতিহাস আছে। তেওঁৰ দাদা ভাৰতীয় সেনাৰ লগত জড়িত আছিল। তেওঁ এটা সামৰিক পৰিয়ালত বিবাহপাশত আৱদ্ধ হয়।

উল্লেখ্য যে,বিগত ২২ এপ্ৰিলত পহলগামত পৰ্যটকৰ ওপৰত হোৱা উগ্ৰপন্থী আক্ৰমণত ২৬ জন লোক নিহত হয়। ইতিমধ্যেই ঘটনাটোৰ বাবে পাকিস্তানক দোষাৰোপ কৰি ভাৰতে কেবাটাও পদক্ষেপ গ্ৰহণ কৰে।

ইয়াৰ প্ৰত্যুত্তৰত, মঙলবাৰে মাজনিশা পাকিস্তান আৰু অধিকৃত কাশ্মীৰৰ কেবাটাও অংশত প্ৰতিশোধ লোৱা হয়। ভাৰতীয় সেনাই দাবী কৰিছিল যে পাকিস্তানৰ নটা ঠাইত আক্ৰমণ কৰা হৈছে।

উগ্ৰপন্থীৰ ঘাটিসমূহ ধ্বংস কৰা হৈছে। কোনো অসামৰিক লোকৰ ক্ষতি হোৱা নাছিল।

বুধবাৰে পুৱা ‘অপাৰেচন সিন্দুৰ’ সন্দৰ্ভত সেনাৰ সংবাদমেলত বৈদেশিক সচিব বিক্ৰম মিছৰী উপস্থিত আছিল। তেওঁৰ লগত আছিল দুগৰাকী মহিলা বিষয়া, ইয়াৰে এগৰাকী আছিল কৰ্ণেল ছফিয়া। তেওঁ সাংবাদিকক বুজাই দিয়ে যে কেনেকৈ আৰু ক’ত আক্ৰমণ সংঘটিত হৈছে।

Exit mobile version