India Attack on Pakistan : অপাৰেচন সিন্দুৰৰ (Operation Sindoor) পাছত বন্ধ শ্ৰীনগৰ বিমানবন্দৰ। তথ্য অনুসৰি বুধবাৰে ৰাজধানী জম্মু-কাশ্মীৰৰ বিমানবন্দৰত গোটেই দিনটোৰ বাবে বিমান সেৱা সম্পূৰ্ণৰূপে স্থগিত ৰখা হ’ব। যাত্ৰীবাহী বিমানে উৰণ বা অৱতৰণ নকৰে।
অৱশ্যে, অপাৰেচন সিন্দুৰৰ (Operation Sindoor) পাছত, কেবাটাও বিমান সেৱাই আৰু কেবাটাও বিমানবন্দৰ পৰিহাৰ কৰিছে।এই তালিকাত লেহ, ধৰ্মশালা আৰু অমৃতসৰৰ দৰে বিমানবন্দৰসমূহ আছে।
পহলগাম আক্ৰমণৰ পাছত, ভাৰতে প্ৰতিশোধ লোৱাৰ সতৰ্কবাণী দিছিল। পাকিস্তানৰ ওপৰত চাপ বৃদ্ধি কৰিবলৈ কেবাটাও চুক্তি বাতিল কৰা হৈছে। ইয়াৰ মাজতে মঙলবাৰে পহলগাম কাণ্ডৰ প্ৰত্যুত্তত ভাৰতীয় সেনাই আৰম্ভ কৰে অপাৰেচন সিন্দুৰ ।
গভীৰ নিশা পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ ন’টা সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰে ভাৰতীয় ক্ষেপণাস্ত্ৰই।
তথ্য অনুসৰি,বাহাৱালপুৰৰ জয়ছ-ই-মহম্মদৰ মুখ্য কাৰ্যালয়, মুৰাক্কাৰ লস্কৰ-ই-তৈবা আৰু হিজবুল মুজাহিদীনৰ মুখ্য কাৰ্যালয় ধ্বংস কৰা হৈছে। সমগ্ৰ অভিযানৰ তদাৰক কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
এই আক্ৰমণৰ (Attack)পাছতে আকাশপথৰ পৰা বিচ্ছিন্ন হৈছে শ্ৰীনগৰ।তথ্য অনুসৰি, শ্ৰীনগৰ বিমানবন্দৰত যাত্ৰীবাহী বিমান সেৱা বন্ধ কৰি দিয়া হৈছে। সম্প্ৰতি ভাৰতীয় বায়ুসেনাই বিমানবন্দৰটো নিজৰ দখললৈ লৈছে।
শ্ৰীনগৰ বিমানবন্দৰৰ বিমান পৰিবহণ নিয়ন্ত্ৰণৰ পৰা আৰম্ভ কৰি আকাশমাৰ্গৰ নিৰাপত্তালৈকে সকলো দায়িত্ব লৈছে বায়ুসেনাই। শ্ৰীনগৰত কেতিয়া সেৱা স্বাভাৱিক হ’ব সেয়া এতিয়াও জানিব পৰা হোৱা নাই।
এনে পৰিস্থিতিত স্পাইচজেট, এয়াৰ ইণ্ডিয়া, ইণ্ডিগ’ৰ দৰে বিমান সংস্থাই উত্তৰ ভাৰতৰ কেইবাটাও বিমানবন্দৰত সেৱা বন্ধ কৰি দিছে। ভাৰতৰ পশ্চিম সীমান্তৰ সমীপৰ কেইবাটাও বিমানবন্দৰত বিমান সেৱা সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্তও লৈছে বিমান সংস্থাসমূহে।
জম্মু, অমৃতসৰ, লেহ, চণ্ডিগড়, ধৰ্মশালা, বিকানেৰ, যোধপুৰ, গোৱালিয়ৰৰ দৰে বিমানবন্দৰ। কেবাখনো বিমানৰ পথ সলনি কৰা হৈছিল।