Pm Modi:ইয়াতেই অন্ত নেপেলাব! মোদী চৰকাৰক ধন্যবাদ জনাই ক’লে হিমাংশীয়ে

বৈছৰণ কাণ্ডত জড়িত চাৰি ঘাতক সন্ত্রাসবাদী ক'লৈ গ'ল?: ভুক্তভোগীৰ প্ৰশ্ন

SINDOOR

Pm Modi:

মোৰ স্বামী প্ৰতিৰক্ষা বাহিনীত আছিল আৰু তেওঁ শান্তিৰক্ষা কৰিবলৈ বিচাৰিছিল। তেওঁ নিৰীহৰ জীৱনক সুৰক্ষা দিব বিচাৰিছিল। এই দেশত যাতে কোনো সন্ত্রাস আৰু ঘৃণা নাথাকে, সেয়া তেওঁ নিশ্চিত কৰিব বিচাৰিছিল। মই চৰকাৰক ধন্যবাদ জনাইছো; কিন্তু ইয়াতে সামৰণি নামাৰিবলৈ অনুৰোধ জনাইছো। আমাৰ দেশত সন্ত্রাসবাদ নিঃশেষৰ ই মাথোঁ আৰম্ভণিহে বুলি নিশ্চিত কৰিবলৈ চৰকাৰৰ প্রতি অনুৰোধ জনালো।’ এই মন্তব্য যোৱা ২২ এপ্রিলত পহলগামত পাকিস্তানী সন্ত্রাসবাদীৰ আক্ৰমণত নিহতসকলৰ অন্যতম নৌসেনা বিষয়া বিনয় নৰৱালৰ পত্নী হিমাংশী নৰৱালৰ।

উল্লেখ্য যে বিয়াৰ সাতদিনৰ পাছতে হিমাংশীৰ স্বামীয়ে সন্ত্রাসবাদীৰ আক্ৰমণত প্রাণ হেৰুৱায়। সন্ত্রাসবাদীয়ে নির্মমভারে হিমাংশীৰ সম্মুখতে তেওঁৰ স্বামীক গুলীয়াই হত্যা কৰাৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হয়। এনে ফটোত দেখা যায় যে সন্ত্রাসবাদীৰ গুলিত ধৰাশায়ী হোৱা ২৬ বছৰীয়া স্বামীৰ কাষত অসহায়ভারে হিমাংশী থিয় হৈ আছে। তেতিয়াও তেওঁৰ হাতত বিয়াৰ খাৰু দেখা যায়। এই ভাইৰেল ফটোৱে দেশৰ জনতাৰ হৃদয় চূৰমাৰ কৰে। অনেকে অকাল বৈধব্যক আঁকোৱালি লোৱা হিমাংশীক সমবেদনা জনায়। অৱশ্যে পহলগামৰ ঘটনাক লৈ মুছলমান আৰু কাশ্মীৰৰ লোকৰ প্ৰতি বিৰূপ মনোভাৱ নহ’বলৈ কিছুদিন পূর্বে তেওঁ আহ্বান জনোৱাত একাংশ বিকৃত মানসিকতাৰ লোকে মহিলাগৰাকীক সামাজিক মাধ্যমত ট্রল (ঠাট্টা-বিদ্রূপ) কৰে।

এনে লোকসকলৰ কাৰ্যক গৰিহণাৰ যোগ্য আৰু দুর্ভাগ্যজনক আখ্যা দিছে ৰাষ্ট্ৰীয় মহিলা আয়োগে। আনহাতে, অপাৰেচন সিন্দূৰক আদৰণি জনাইছে প্রয়াত নৌসেনা বিষয়া বিনয় নৰৱালৰ পিতৃ ৰাজেশ নৰৱালে। নৰৱালে কয় যে সন্ত্রাসবাদীয়ে ভৱিষ্যতে পহলগাম কাণ্ড সদৃশ আক্ৰমণৰ পুনৰাবৃত্তি ঘটোৱাৰ পূৰ্বে এশবাৰ চিন্তা কৰিব। পুত্র সন্ত্রাসবাদীৰ বৰ্বৰতাৰ বলি হোৱাৰ দুখ পাহৰিব নোৱাৰা নৰৱালে লগতে কয়, ‘পহলগাম ঘটনা সংঘটিত হোৱাৰ পাছত সংবাদ মাধ্যমে আমাৰ ঘৰলৈ আহি মোক সুধিছিল-মই চৰকাৰৰ পৰা কি বিচাৰো। মোৰ উত্তৰ আছিল যে চৰকাৰৰ ওপৰত মোৰ বিশ্বাস আছে। আজি চৰকাৰে মোৰ বিশ্বাসৰ যুক্তিযুক্ততা প্রতিপন্ন কৰিলে। আমি তেতিয়াই কৈছিলো যে প্রত্যুত্তৰ দিয়া উচিত যাতে কোনেও আকৌ এনে কাপুৰুষালিসূচক কাৰ্য কৰিবলৈ সাহস নকৰে।’

# বৈছৰণ কাণ্ডত জড়িত চাৰি ঘাতক সন্ত্রাসবাদী ক’লৈ গ’ল?: ভুক্তভোগীৰ প্ৰশ্ন

পাক সন্ত্রাসবাদী বিৰোধী অপাৰেচন সিন্দূৰক লৈ সুখী হ’লেও তৃপ্ত নহয় জেনিফাৰ নাথানিয়াল নামৰ মহিলাগৰাকী। মধ্য প্ৰদেশৰ ইন্দোৰৰ নিবাসী নাথানিয়াল হৈছে পহলগাম কাণ্ডৰ অন্যতম ভুক্তভোগী। যোৱা ২২ এপ্ৰিলত পহলগামৰ বৈছৰণৰ সেউজ ভূমিত এটা চাৰিজনীয়া সন্ত্রাসবাদী দলৰ নিৰ্বিচাৰ গুলিবর্ষণত তেওঁৰ স্বামী সুশীল নাথানিয়ালেও প্রাণ হেৰুৱায়। এই চাৰি ঘাতকক মৃত অথবা জীৱিত অৱস্থাত চাবলৈ বিচাৰে জেনিফাৰে। বুধবাৰে পুৱতি নিশা ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে অপাৰেচন সিন্দূৰ সফলতাৰে সম্পন্ন কৰাৰ পাছত মহিলাগৰাকীয়ে প্রতিক্রিয়া প্রকাশ কৰে। পাকিস্তানী সন্ত্রাসবাদী বিৰোধী এই সফল অভিযানক আদৰণি জনায়ো তেওঁ এটা প্রশ্ন উত্থাপন কৰিছে। নিৰীহ স্বামীৰ ঘাতকৰ বিৰুদ্ধে কঠোৰ শাস্তি পোষকতা কৰি মহিলাগৰাকীয়ে কয়, ‘অপাৰেচন সিন্দূৰৰ বাবে ভাৰত চৰকাৰক ধন্যবাদ জনালো। কিন্তু (পহলগামৰ) ঘাতক চাৰিমূৰ্তি ক’ত?’ এই চাৰি ঘাতকে কঠোৰ শান্তি পালেহে ন্যায় প্রতিষ্ঠা হ’ব বুলিও মন্তব্য কৰে মহিলাগৰাকীয়ে। কান্দোনত ভাগি পৰাৰ পাছতে তেওঁ কয়, ‘এই চাৰি ঘাতকে যিদৰে যি কৰিলে (নিৰীহ-নিৰস্ত্ৰ ২৬ পর্যটকক হত্যা), তেনে কাম কেতিয়াও জন্তুৱেও নকৰে। মই বিচাৰো এই চাৰিজনক কঠোৰ শাস্তি দিয়া হওক। তেওঁলোক মৰাই উচিত।’

মহিলাগৰাকীয়ে লগতে জনোৱা মতে, তেওঁ আৰু স্বামীয়ে ২২ এপ্রিলৰ দিনা পহলগামৰ পৰা ঘূৰি অহাৰ কথা আছিল। তাৰ প্ৰস্তুতি চলাই থকাৰ সময়তে সন্ত্রাসবাদীৰ দলটোৱে তেওঁৰ স্বামীসহ কমেও ২৬ জন পর্যটকক গুলীয়াই হত্যা কৰে। এই সম্পর্কত তেওঁ কয়, ‘ঘটনা সংঘটিত হোৱাৰ সময়ত মই শৌচাগাৰলৈ গৈছিলো। বাহিৰত প্ৰচণ্ড চিৎকাৰ শুনি লৰা-ঢপৰাকৈ ওলাই আহো। প্রথমে ভাবিছিলো ঋজু পথ ভাঙি পৰা বুলি। কিন্তু তেতিয়াই দেখিবলৈ পালো এজন লোকক পাছফালৰ পৰা সন্ত্রাসবাদীয়ে গুলীয়াই হত্যা কৰা। সেই লোকজনৰ পাছফালে এগৰাকী মহিলা আছিল। মহিলা গৰাকীয়ে কান্দি কাটি কোৱা শুনিবলৈ পালো, ‘মোকো মাৰক।’

খ্রীষ্টান ধর্মাৱলম্বী তেওঁৰ স্বামীক কলিমা পঢ়িব নোৱাৰাৰ বাবে চাৰিজনীয়া সন্ত্রাসবাদীৰ দলটোৱে বৰ্বৰতাৰে হত্যা কৰে বুলি মহিলা গৰাকীয়ে জনায়। তেওঁৰ স্বামী এলআইচিৰ চাকৰিয়াল আছিল। ছুটীত কাশ্মীৰ ভ্ৰমণলৈ গৈ স্বামীক অকালতে হেৰুওৱা বুলি জানিবলৈ দি মহিলা গৰাকীয়ে লগতে কয়, ‘ছুটীৰ দিন কটাবলৈ ভূস্বৰ্গলৈ গৈছিলো। যিসকলে নিৰীহ পর্যটকসকলক নৃশংসতাবে হত্যা কৰে তেওঁলোকৰ একেই শাস্তি হোৱা উচিত। তেওঁলোকৰ সন্ধান উলিৱাওক। আমাৰ সেনাৰ ওপৰত আস্থা আৰু বৃদ্ধি পাব ৷

Exit mobile version