ভাৰত আৰু পাকিস্তানৰ সংঘাতৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ নিৰ্দেশ দিছে ।
শুকুৰবাৰে অমিত শ্বাহৰ মন্ত্ৰালয়ে দেশৰ সকলো ৰাজ্যৰ মুখ্য সচিব আৰু কেন্দ্ৰীয় শাসিত প্ৰশাসকলৈ পত্ৰ প্ৰেৰণ কৰি নাগৰিক প্ৰতিৰক্ষা আইন, ১৯৬৮ৰ ১১ নং ধাৰাত প্ৰদান কৰা জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ কয়।
অসামৰিক প্ৰতিৰক্ষা বিধিৰ ১১ নম্বৰ ধাৰা অনুসৰি কি কি কৰিব পাৰে ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলসমূহ?
(১)জনসাধাৰণ আৰু সম্পত্তি ৰক্ষা কৰিবলৈ প্ৰয়োজনমত ৰাজ্যই তৎকালীন পদক্ষেপ গ্ৰহণ কৰিব পাৰে ।
২) জৰুৰীকালীন পৰিস্থিতিতো পানী, বিদ্যুৎ, চিকিৎসালয় সেৱা, আৰু যোগাযোগ ব্যৱস্থা যাতে কাৰ্যক্ষম হৈ থাকে তাৰ বাবে ৰাজ্যই যিকোনো পদক্ষেপ ল’ব পাৰে।
৩)যদি অসামৰিক প্ৰতিৰক্ষাৰ বাবে কোনো সঁজুলি ক্ৰয় কৰাৰ প্ৰয়োজন হয়, তেন্তে কোনো নিয়ম মানি চলাৰ প্ৰয়োজন নাই যিয়ে সমগ্ৰ বিষয়টোত বিলম্ব ঘটাব পাৰে।
সহজ ভাষাত ক’বলৈ গ’লে কেন্দ্রই এই ক্ষমতা ৰাজ্যসমূহক দিয়ে যাতে কোনো আক্রমণ হ’লে ৰাজ্যসমূহে যিকোনো সিদ্ধান্ত দ্ৰুত আৰু ন্যায্যভাৱে ল’ব পাৰে।