Himanta Biswa Sarma:যুদ্ধকালীন পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰৰ চতুৰ্থ বর্ষপূর্তিত নহয় কোনো বিশেষ অনুষ্ঠান

pressmeet

Himanta Biswa Sarma:

শণিবাৰে ৰাজ্য চৰকাৰে সম্পূর্ণ কৰিব চাৰিটা বর্ষ ৷ কিন্ত শেহতীয়াকৈ পাকিস্তানৰ লগত সৃষ্টি হোৱা যুদ্ধকালীন পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰৰ চতুৰ্থ বর্ষপূর্তিত নহয় কোনো বিশেষ অনুষ্ঠান ৷এই কথা সামাজিক মাধ্যমযোগে সদৰি কৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্বশৰ্মাই ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে কাইলৈ চাৰিটা বর্ষ সম্পূর্ণ কৰিব। আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ যে কাইলৈ এই উপলক্ষটিত কোনোধৰণৰ বিশেষ অনুষ্ঠানৰ আয়োজনেৰে উদযাপন কৰা নহয়। আনুষ্ঠানিক কার্যসূচী হিচাপে এখন মাত্র সংবাদ মেল অনুষ্ঠিত কৰা হ’ব।

ADVERTISEMENT
Exit mobile version