Panchayat Election:পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পর্যায়ত ৭৯.২৩ শতাংশ ভোট

সর্বাধিক ৮৮.৬৩ শতাংশ ভোটদান ধুবুৰীত

elections

Panchayat Election:

বুধবাৰে অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ৭৯.২৩ শতাংশ ভোটদান হয়। ৰাজ্যিক নির্বাচন আয়োগে এই তথ্য সদৰী কৰে। ইয়াৰ বিপৰীতে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ১৪ খন জিলাৰ ৭০.১৯ শতাংশ ভোটাৰে ভোটদান কৰিছিল। দ্বিতীয় পর্যায়ত ১৩ খন জিলাত নির্বাচন অনুষ্ঠিত হয়। এই পর্যায়ত নলবাৰীত ৮০ শতাংশ, ধুবুৰীত ৮৮.৬৩ শতাংশ, দক্ষিণ শালমাৰা-মানকাচৰত ৮৭.৫৬ শতাংশ, গোৱালপাৰাত ৮০.২৫ শতাংশ, বঙাইগাঁৱত ৭৬.৫ শতাংশ, বৰপেটাত ৮৪.৭১ শতাংশ, বজালীত ৭৫ শতাংশ, কামৰূপত ৭৬.৭ শতাংশ, কামৰূপ মহানগৰত ৭১ শতাংশ, হোজাইত ৭৭.২ শতাংশ, নগাঁৱত ৭৬.২ শতাংশ, মৰিগাঁৱত ৭৭.৬৬ শতাংশ আৰু দৰঙত ৭৮.৬৯ শতাংশ ভোটদান হয়। কালিৰ ভোটগ্ৰহণৰ সময়ত কে’বাখনো জিলাৰ ভোট কেন্দ্রত বিক্ষিপ্ত ঘটনা সংঘটিত হয় যদিও ৰাজ্যিক নির্বাচন আয়োগে সম্পূর্ণ শান্তিপূর্ণভাৱেহে নির্বাচন অনুষ্ঠিত হোৱা বুলি দাবী কৰে।

ADVERTISEMENT

সেইবাবে কোনো ভোট কেন্দ্রতে পুনৰ ভোটগ্ৰহণ কৰা নহয়। ইয়াৰ বিপৰীতে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৪৩ টা কেন্দ্ৰত পুনৰ ভোটগ্রহণ অনুষ্ঠিত হৈছিল। উল্লেখ্য যে পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ ভোটগ্রহণ অনুষ্ঠিত হয় যদিও কে’বাখনো জিলাত একাংশ ভোট কেন্দ্রত নিশা ১১.৩০ বজা পর্যন্ত ভোটদান অব্যাহত থাকে। বৰপেটা, ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ আদি জিলাৰ বহু কেন্দ্ৰত এনেদৰে গভীৰ নিশালৈ ভোটগ্রহণ কৰিবলগীয়া হয়।

Exit mobile version