কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!

পিছুৱাই দিয়া হ'ল ভাৰতীয় সেনাৰ সংবাদমেল 

IMG 20250510 120632

India Pakistan conflict: নিশা পাৰ হোৱাৰ লগে লগে পাকিস্তানে জম্মু-কাশ্মীৰৰ বিভিন্ন স্থানত আক্ৰমণ চলাই। শনিবাৰে পুৱা প্ৰায় চাৰি বাজি ৩০ মিনিটত জম্মু চহৰত এক বিশাল বিস্ফোৰণৰ শব্দ শুনা যায়।

ইয়াৰ উপৰিও জম্মু-কাশ্মীৰৰ উধামপুৰ, আখনূৰ, ৰাজৌৰী, পুঞ্চ, পাঠানকোটকে ধৰি কেবাটাও স্থানত পুৱাৰ পৰা বিস্ফোৰণৰ শব্দ শুনা গৈছে।ইয়াৰ মাজতে পিছুৱাই দিয়া হৈছে সেনাবাহিনীৰ সাংবাদিক বৈঠক ।

সামাজিক মাধ্যমত দেখিবলৈ পোৱা একাধিক ভিডিঅ’ত দেখা গৈছে যে জম্মু আৰু কাশ্মীৰৰ একাধিক ঠাই ধোঁৱাৰে আৱৰি পৰিছে। প্ৰবল শব্দত বহুতো ঠাই কঁপি উঠে ।

ৰাজৌৰীৰ কেবাটাও ঘৰৰ ব্যাপক ক্ষতিসাধন হৈছে। তদুপৰি পাকিস্তানে আখনুৰৰ বিভিন্ন ঠাইত ঘৰবোৰক লক্ষ্য কৰি নিৰ্লজ্জ আক্ৰমণ সংঘটিত কৰে।

তথ্য অনুসৰি,নিয়ন্ত্ৰণ ৰেখাৰ কাষৰীয়া অঞ্চলত এতিয়াও গুলীচালনা চলি আছে।

শুকুৰবাৰেও পাকিস্তানে সাধাৰণ লোকক একেধৰণে আক্ৰমণ কৰে। এই নৃশংস আক্ৰমণত চৰকাৰী বিষয়াসহ তিনিজন লোকৰ মৃত্যু হয়।

ৰাজৌৰীৰ অতিৰিক্ত জিলা উপায়ুক্ত ৰাজকুমাৰ থাপাৰ ঘৰতো আক্ৰমণ সংঘটিত হয়। প্ৰথমে তেওঁ গুৰুতৰভাৱে আহত হয় যদিও পাছত তেওঁৰ মৃত্যু হয়।

জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই এই ঘটনাক লৈ শোক প্ৰকাশ কৰে।যদিও শুকুৰবাৰে নিশা অবিৰত ড্ৰ’ন আক্ৰমণৰ প্ৰতিশোধ লয় ভাৰতে !

উল্লেখ্য যে শনিবাৰে পুৱা পাঁচ বাজি ৪৫ মিনিটত সেনাৰ সংবাদমেল আহ্বান কৰা হয়। কিন্তু যথেষ্ট সময় অপেক্ষা কৰাৰ পাছত সংবাদমেল খন পিছুৱাই দিয়া হয়।

Exit mobile version