India Pakistan conflict: আন্ধাৰ হোৱাৰ লগে লগে সীমান্তত আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে পাকিস্তানে। আকাশত উৰি আছে ড্ৰ’ন আৰু মিছাইল। আন্তঃৰাষ্ট্ৰীয় সীমান্ত আৰু নিয়ন্ত্ৰণ ৰেখাত অব্যাহত আছে গোলাবৰ্ষণ। পাকিস্তানৰ এই কাপুৰুষালি আক্ৰমণত নিহত হ’ল কাশ্মীৰ প্ৰশাসনৰ এজন উচ্চ পদস্থ বিষয়া।
কেৱল সেয়াই নহয়, ধাৰাবাহিকভাৱে গোলাবৰ্ষণ আৰু ম’ৰ্টাৰ-শেলৰ ফলত কেবাটাও ঘৰ আৰু পানীৰ টেংকো ক্ষতিগ্ৰস্ত হয়। আনহাতে, সীমান্তৰ ইখনৰ পাছত সিখন গাঁৱৰ পৰা ড্ৰ’ন আৰু মিছাইলৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰা হৈছে।
কাশ্মীৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ এক্স হেণ্ডেলত কয়, “ৰাজৌৰীৰ পৰা পোৱা খবৰত মোৰ হৃদয় গধুৰ হৈ পৰিছে। জম্মু-কাশ্মীৰ প্ৰশাসনৰ এজন সক্ষম বিষয়াৰ মৃত্যু হৈছে। কালি তেওঁ উপ-মুখ্যমন্ত্ৰীৰ লগত জিলাখনলৈ যায়। তেওঁ মোৰ ভাৰ্চুৱেল সভাতো যোগদান কৰিছিল।আজি পাকিস্তানে ৰাজৌৰী চহৰক লক্ষ্য কৰি লয়। তেওঁলোকৰ গোলাবৰ্ষণত অতিৰিক্ত জিলা উন্নয়ন বিষয়াৰ ঘৰৰ ক্ষতিসাধন হয়। বিষয়া ৰাজকুমাৰ থাপ্পাৰ মৃত্যু হয়। শোক প্ৰকাশ কৰিবলৈ কোনো শব্দ নাই।”
ইফালে বিভিন্ন সংবাদ সংস্থাৰ মতে, পাকিস্তানৰ গোলাবৰ্ষণত সীমান্তৰ কাষৰীয়া গাঁৱৰ বাসিন্দাসকলৰ ঘৰ-দুৱাৰ আৰু জীৱিকাৰ ব্যাপক ক্ষতিসাধন হৈছে। সমগ্ৰ অঞ্চলতে আতংক বিয়পি পৰিছে। আজি পুৱাও বন্দুকৰ গুলীৰ শব্দ শুনা গৈছে। ৰাস্তাঘাট প্ৰায় খালী হৈ পৰিছে।
চাৰিওফালে গধুৰ বুট আৰু সাজসজ্জিত গাড়ীৰ অহা-যোৱা কৰা শব্দ। সামগ্ৰিকভাৱে সীমান্তৰ কাষৰীয়া গাঁৱৰ বাসিন্দাসকল ভাৰত-পাক যুদ্ধৰ সম্ভাৱনাক লৈ চিন্তিত হৈ পৰিছে।
ইফালে পাকিস্তানে গোটেই নিশা গুজৰাট, ৰাজস্থান, পঞ্জাৱ আৰু জম্মুৰ গাঁওসমূহত ড্ৰ’ন আক্ৰমণৰ চেষ্টা অবিৰতভাৱে অব্যাহত ৰাখিছে। কিন্তু ভাৰতৰ শক্তিশালী বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ বাবে সেই প্ৰচেষ্টা ব্যৰ্থ হয়।
পুৱাৰ পৰা সেই সকলোবোৰ পাকিস্তানী ড্ৰ’ন আৰু মিছাইলৰ ধ্বংসাৱশেষ গাঁৱৰ পথাৰ আৰু ৰাজপথত উদ্ধাৰ হৈছে। চৌপাশৰ স্থানীয় লোকৰ কৌতুহল বাঢ়িছে।
