Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

কেবিনেট বৈঠকৰ অন্তত সংবাদমেলত এই ঘোষণা মুখ্যমন্ত্ৰীৰ  

cm new

Cm Himanta Viswa Sarma Pressmeet:

শনিবাৰে জনতা ভৱনৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই পৌৰোহিত্যত অনুষ্ঠিত হয় কেবিনেট বৈঠক ৷ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে সম্বোধন কৰে এক সংবাদমেল ৷ সংবাদমেলত মুখ্যমন্ত্ৰী গৰাকীয়ে অসমৰ পৰা সেনা বাহিনীত কৰ্মৰত জোৱান সকলৰ পৰিয়ালক সহায়ৰ হাত আগবঢ়োৱাৰ ক্ষেত্ৰত লোৱা কেতবোৰ সিদ্ধান্তৰ কথা সদৰি কৰে ৷ সেই অনুসৰি আগন্তুক সাতদিনত ৰাজ্যৰ প্ৰতি গৰাকী সেনা জোৱানৰ পৰিয়ালৰ ঘৰলৈ পঠিওৱা হ’ব প্ৰশাসনৰ লোকক৷ তেওঁলোকে পৰিয়ালৰ স’তে কৰিব মতবিনিময়। প্ৰতিটো পৰিয়ালৰ সন্তানক স্কুলত নামভৰ্তিৰ পৰা আৰম্ভ কৰি ৰন্ধন গেছৰ চিলিণ্ডাৰ পৰ্যন্ত দিয়াৰ ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে। পৰিয়ালৰ চিন্তাই যাতে যুদ্ধস্থলীত কোনো ক্ষেত্ৰত সেনা জোৱানজনক ব্যাঘাত নজন্মাই তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীজনে ৷

ADVERTISEMENT

সংবাদমেলত ডিব্ৰুগড় বিমানবন্দৰৰ নামকৰণক লৈ শনিবাৰে অনুষ্ঠিত কেবিনেটত প্ৰস্তাৱ গ্ৰহণ কৰা হয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়,ড:ভূপেন হাজৰিকাৰ নামেৰে ডিব্ৰুগড় বিমানবন্দৰ উৎসৰ্গা কৰিছে কেবিনেটে। আনহাতে ৰাজ্যৰ চাহ জনগোষ্ঠী লোকসকলৰ ‘বহুচৰ্চিত এটি কলি দুটি পাত প্ৰকল্প’ক অধীনত প্ৰতিগৰাকী চাহ শ্ৰমিকলৈ ৫,০০০টকাৰ এককালীন সাহায্য আগবঢ়োৱা হোৱাৰ কথাও সদৰি কৰে ৷

সংবাদমেলতে মুখ্যমন্ত্ৰীয়ে আৰু কয় যে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত কৰ্মৰত চৰকাৰী কৰ্মচাৰী সকলে ইতিমধ্যে লাভ কৰি থকা আপোন ঘৰ, আপোন বাহন আঁচনিদুখনৰ সুবিধা এতিয়াৰ পৰা লাভ কৰিব এনএইছএম, সৰ্বশিক্ষা অভিযান, শক্তি বিভাগৰ তিনিওটা প্ৰতিষ্ঠান আৰু নিগম-নিকায়ৰ কৰ্মচাৰীয়েও । আনহাতে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিত কেবিনেটৰ অনুমোদন জনোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে,অহা ১ জুনৰ পৰা এই আচঁনিত আবেদন কৰিব পাৰিব সংশ্লিষ্ট পক্ষই। সেই অনুসৰি ২০২৪-২৫ বৰ্ষত স্নাতক ডিগ্ৰী লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলে মাহে লাভ কৰিব ২৫০০ টকাকৈ ৷ কিন্ত এই সুবিধা নাপাব ব্যক্তিগত শিক্ষানুষ্ঠানত অধ্যয়নৰত শিক্ষাৰ্থীয়ে। ইপিনে বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ-ছাত্ৰীসকলকো এককালীন সাহায্য হিচাপে দিয়া হ’ব ২০ হাজাৰ টকাকৈ ৷অৱশ্যে দিব্যাংগ গৱেষক ছাত্ৰ-ছাত্ৰীসকলক দিয়া হ’ব ৪০ হাজাৰ টকা ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে জুন মাহত অসম বিধানসভাৰ অধিৱেশন এদিনীয়াকৈ অনুষ্ঠিত হ’ব৷ সেই অধিৱেশনতে ইতিমধ্যে কেবিনেটে লোৱা কেতবোৰ সিদ্ধান্ত উদ্থাপন কৰি গৃহিত কৰা হ’ব ৷

Exit mobile version