Salal dam gates opened:
ভাৰত -পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজত চিৰবৈৰী দেশখনৰ জল বিস্ফোৰণেৰে নি:শেষ কৰাৰ পৰিকল্পনা কৰিছে ভাৰতে ৷ ইয়াৰ প্ৰথম পদক্ষেপ হিচাপে ছালাল বান্ধৰ ৫খন গেট মুকলি কৰি দিয়া হৈছে ৷
ADVERTISEMENT
চেলাল নদীৰ ওপৰত থকা ছালাল বান্ধৰ পানী খুলি দিয়াত পাকিস্তানৰ কে’বা খনো উপনৈ ফেনেফুটুকাৰে বাঢ়িছে ৷ ভয়ংকৰ বানৰ আশংকা কৰা হৈছে ৷ যাৰবাবে পাক অধিকৃত চেলাল নৈৰ নৈপৰীয়া ৰাইজৰ মাজত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ইতিমধ্যেই পুনৰ খুলি দিয়া হৈছে চেনাব আৰু বাগলীহাৰ নদী বান্ধৰ কে’বাখনো গেট ৷ উল্লেখ্য যে, পহলগাম কাণ্ডৰ পিছত ভাৰত চৰকাৰে চেলাল নদী সহ আন কে’বা খনো নৈ পানী বন্ধ কৰি দিছিল ৷