যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 

1746168252 shehbaz sharif

India Pakistan conflict :যুদ্ধবিৰতি কাৰ্যকৰী কৰিবলৈ পাকিস্তান দৃঢ়প্রতিজ্ঞ, বিৱৃতি দি এনেধৰণৰ দাবী কৰিলে দেশখনৰ বিদেশ মন্ত্রক।

পাকিস্তানৰ বিৰুদ্ধে যুদ্ধবিৰতি অভিযোগৰ পাছতে শনিবাৰে গভীৰ নিশা পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰে।

ইয়াত কোৱা হৈছে ,”যুদ্ধবিৰতি কাৰ্যকৰী কৰাৰ বাবে পাকিস্তান দৃঢ়প্ৰতিজ্ঞ আৰু প্ৰতিশ্ৰুতিবদ্ধ। ভাৰতে কিছু ক্ষেত্ৰত চুক্তিৰ চৰ্ত উলংঘা কৰিছে। আমাৰ বাহিনীয়ে সংযম আৰু দায়িত্বশীলতাৰে পৰিস্থিতি চম্ভালিছে।”

বিবৃতিটোত লগতে কয় যে যুদ্ধবিৰতি চুক্তিৰ সঠিক ৰূপায়ণৰ সন্দৰ্ভত যদি কোনো সমস্যাৰ সৃষ্টি হয়, তেন্তে আলোচনাৰ জৰিয়তে সেইবোৰ সমাধানৰ প্ৰয়াস কৰিব লাগে। সেনাবাহিনীয়েও সংযত দিয়া উচিত।

সীমান্তত কেবাদিনো ধৰি অবিৰত সংঘৰ্ষৰ অন্তত শনিবাৰে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি চুক্তি হয়। এই খবৰটো প্ৰথমে প্ৰকাশ কৰিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। দীৰ্ঘদিনীয়া আলোচনাৰ অন্তত দুয়োখন দেশৰ মাজত চুক্তি হোৱা বুলি দাবী কৰে।

পাছত ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে সংবাদমেল অনুষ্ঠিত কৰি ঘোষণা কৰে যে দুয়োখন দেশে সকলো সংঘৰ্ষৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লৈছে।

সন্ধিয়া পাঁচ বজাৰ পৰা কাৰ্যকৰী কৰা হৈছে এই সিদ্ধান্ত। কিন্তু এই ঘোষণাৰ কিছু ঘণ্টাৰ ভিতৰতে জম্মু-কাশ্মীৰৰ সীমান্তৱৰ্তী অঞ্চলত নতুনকৈ গোলাবৰ্ষণ আৰম্ভ হয়।

নিশা প্ৰায় ১১ বজাত নতুন দিল্লীয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে পাকিস্তানে যুদ্ধবিৰতি উলংঘা কৰিছে। ভাৰতীয় সেনাইও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

বৈদেশিক সচিবগৰাকীয়ে পাকিস্তানৰ এই আচৰণক অতি নিন্দনীয়” বুলি অভিহিত কৰি ইয়াৰ বাবে পাকিস্তানক জগৰীয়া কৰে। তেওঁ কয় যে ভাৰতে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ কিছু সময়ৰ পাছতে পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰে।

Exit mobile version