Operation Sindoor: যুদ্ধবিৰতিৰ পাছতো সীমান্তত উত্তেজনা। চুক্তি ভংগ কৰি পুনৰ আক্ৰমণ সংঘটিত কৰে পাকিস্তানে।নতুন দিল্লীয়ে পুনৰ কঠোৰ ব্যৱস্থা ল’ব নেকি? জল্পনা-কল্পনাৰ মাজতে ভাৰতীয় বায়ুসেনাই ঘোষণা কৰিছে যে ‘অপাৰেচন সিন্দূৰ’ এতিয়াও শেষ হোৱা নাই। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ অব্যাহত আছে।
ইফালে সীমান্তত উত্তেজনাৰ মাজতে ৰাজধানীত সশস্ত্ৰ বাহিনীৰ মুৰব্বীসকলৰ স’তে জৰুৰী বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
শনিবাৰে সন্ধিয়া পাঁচ বজাত আমেৰিকাই ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰে।
কিছু সময়ৰ পাছতে দুয়োখন দেশৰ বৈদেশিক মন্ত্ৰালয়েও বিবৃতি জাৰি কৰি যুদ্ধবিৰতি ঘোষণা কৰে। কিন্তু যুদ্ধ বিৰতি ঘোষণা তিনি ঘণ্টাৰ ভিতৰতে সীমান্তত পুনৰ নিৰ্লজ্জভাৱে গুলীচালনা আৰম্ভ কৰে পাকিস্তানী সেনাই।
আনকি জম্মু-কাশ্মীৰৰ কেবাটাও স্থানত ড্ৰ’ন আক্ৰমণো সংঘটিত কৰে । যাৰ যোগ্য উত্তৰ দিয়ে ভাৰতে।
কিন্তু এই আক্ৰমণক নিৰ্লজ্জভাৱে অস্বীকাৰ কৰি পাকিস্তানে দাবী কৰে যে ভাৰতীয় সেনাইহে যুদ্ধবিৰতি উলংঘা কৰিছিল। সমগ্ৰ দেশতে এই পৰিস্থিতি ওলোটা কৰাৰ দাবী উত্থাপন হৈছে। ইফালে বায়ুসেনাই ঘোষণা কৰিছে যে অপাৰেচন সিন্দূৰ এতিয়াও শেষ হোৱা নাই।
বায়ুসেনাই এক বিবৃতি জাৰি কৰি কয় যে, “অপাৰেচন সিন্দূৰত বায়ুসেনাক যি যি কাম দিয়া হৈছিল,সেই সমূহ আমি সফলতাৰে সম্পূৰ্ণ কৰিছো। আমি আমাৰ কৰ্তব্যসমূহ অতি নিখুঁত আৰু পেছাদাৰীতাৰে পালন কৰিছো। এই অভিযান জাতীয় স্বাৰ্থত কৰা হৈছে। অৱশ্যে অভিযান এতিয়াও চলি আছে।সেয়ে ভাৰতীয় বায়ুসেনাই অনুৰোধ জনাইছে যে ,কোনো ভুৱা বাতৰি বা উৰাবাতৰিৰ প্ৰতি গুৰুত্ব নিদিব।কোনো তথ্য পৰীক্ষা নকৰাকৈ বিশ্বাস নকৰিব।”
দৰাচলতে অপাৰেচন সিন্দূৰৰ আৰম্ভণিৰে পৰাই ছ’চিয়েল মিডিয়া আৰু সংবাদ মাধ্যমৰ কিছু অংশত ভুৱা বাতৰি আৰু ভুৱা ভিডিঅ’ই অপপ্ৰচাৰ চলাই আহিছে।
সেনাই ইয়াক বন্ধ কৰিবলৈ অনুৰোধ জনায়। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ’ল যে অপাৰেচন সেন্দূৰ এতিয়াও শেষ হোৱা নাই বুলিও স্পষ্ট কৰি দিয়া হয়।
ইফালে, দেওবাৰে পুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাসগৃহত এক উচ্চ পৰ্যায়ৰ বৈঠকত যুদ্ধবিৰতি আৰু তাৰ পাছত সীমান্তৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰা হয়।
এই বৈঠকত তিনিজন সেৱা প্ৰধান, সেনা প্ৰধান অনিল চৌহান, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰকে ধৰি অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। অৱশ্যে সেই বৈঠকত কি আলোচনা হৈছিল সেয়া স্পষ্ট হোৱা নাই। আচলতে