‘অপাৰেচন সিন্দূৰ’ৰ পাছত প্ৰথমবাৰৰ বাবে দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে!

1747046860 modi

Narendra Modi: সোমবাৰে অৰ্থাৎ আজি আঠ বজাত জাতিৰ উদ্দেশ্যে ভাষণ দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সীমান্তত সংঘাত-বিৰতিৰ মাজতো পাকিস্তান সেনাৰ ধাৰাবাহিক আক্ৰমণৰ প্ৰেক্ষিতত প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰুত্বপূর্ণ কোনো ঘোষণা কৰিব বুলি ধাৰণা কৰা হৈছে।

শনিবাৰে ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ মধ্যস্থতাত ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰে।

ইয়াৰ পাছতে ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে সংবাদমেল অনুষ্ঠিত কৰি জনাই যে, শনিবাৰে ভাৰত আৰু পাকিস্তানী সেনাবাহিনীৰ সামৰিক অভিযান সঞ্চালক প্ৰধানৰ মাজত আলোচনা হৈছে।

তেঁওলোকে যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছে। সোমবাৰে দুপৰীয়া ১২ বজাত পুনৰ আলোচনাত মিলিত হ’ব দুয়োখন দেশৰ মাজত।

কিন্তু সোমবাৰে নিৰ্ধাৰিত সময়ৰ কিছু সময়ৰ পাছতে ভাৰতীয় সেনাৰ ডি জি এম অ’ লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘাই আৰু পাকিস্তান সেনাৰ ডি জি এম অ’ কাচিফ আব্দুল্লাই হটলাইনত ভাষণ দিয়ে।

প্ৰসংগক্ৰমে ভাৰতীয় সেনাৰ অপাৰেচন সিন্দূৰৰ পাছত এইটোৱেই হ’ব প্ৰধানমন্ত্ৰী মোডীৰ প্ৰথম ৰাজহুৱা ভাষণ।

বিগত ২২ এপ্ৰিলৰ পহলগাম আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ১৫ দিনৰ পাছত ছয় মে’ৰ নিশা পাক অধিকৃত কাশ্মীৰ আৰু পাক পঞ্জাৱৰ ন’টা সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰা হয়।

এই অভিযানত এশৰো অধিক উগ্ৰপন্থী নিহত হোৱা বুলি দাবী কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। ইয়াৰ পাছত এল অ’ চি আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তত সংঘাতৰ পৰিস্থিতিৰ সৃষ্টি হয়।

Exit mobile version