সন্ত্ৰাসবাদ, কাশ্মীৰ, পানী! পাক প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত তিনিটা বিষয়ত আলোচনা বিচাৰিছে

1747051556 khawja asif

Pakistan: ভাৰত আৰু পাকিস্তান—দুই চুবুৰীয়া দেশৰ মাজত বিভিন্ন বিষয়ক লৈ দীৰ্ঘদিন ধৰি মতানৈক্য চলি আছে ! কেতিয়াবা যদি কাশ্মীৰক লৈ , কেতিয়াবা সন্ত্ৰাসবাদক লৈ- এইবোৰেই বিবাদৰ মূল বিষয়।

পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে অনুমান কৰে যে,দুয়োখন দেশৰ মাজত বিবাদৰ মূলতে আছে সন্ত্ৰাসবাদ, কাশ্মীৰ, আৰু পানী – এই তিনিটা বিষয়!

আছিফৰ মতে,এই তিনিটা মূল বিষয় ভাৰত আৰু পাকিস্তানৰ আলোচনাত অন্তৰ্ভুক্ত কৰা উচিত।

পহলগাম কাণ্ডৰ পাছৰে পৰা ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে।

সন্ত্ৰাসবাদী আক্ৰমণক ঘটনাত ভাৰতে পাকিস্তানলৈ আঙুলিয়াই তোলে। যদিও পাকিস্তানে আৰম্ভণিৰে পৰা ভাৰতৰ এই দাবী অস্বীকাৰ কৰি আহিছে।

সেই পৰিৱেশতেই ভাৰতে সাত মে’ৰ নিশা ‘অপাৰেচন সিন্দূৰ’ নামৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান আৰম্ভ কৰে।

সেই অভিযানত পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ ন’টা সন্ত্ৰাসবাদী শিবিৰ ধ্বংস হোৱা বুলি ভাৰতে দাবী কৰিছে।

দুয়োখন দেশৰ সীমান্তত ‘অপাৰেচন সিন্দূৰ’ৰ পাছতে গোলাবৰ্ষণ আৰম্ভ হয়। ভাৰতে পাকিস্তানৰ আক্ৰমণক প্ৰতিহত কৰে ।

দুয়োখন দেশৰ সৈন্যই কেৱল স্থলতে নহয়, আকাশমাৰ্গতো যুদ্ধ কৰে।

যোৱা শনিবাৰে দুয়োখন দেশে যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছিল। তেতিয়াৰ পৰা দুয়োখন দেশৰ সীমান্ত অঞ্চল আপাততঃ নিস্তব্ধ হৈ পৰিছে।

যুদ্ধবিৰতি ঘোষণাৰ সময়ত ঘোষণা কৰা হৈছিল,সোমবাৰে পুনৰ আলোচনাত মিলিত হ’ব ভাৰত আৰু পাকিস্তান।

দুয়োখন দেশৰ মাজত হোৱা আলোচনাত কোনবোৰ বিষয়ে প্ৰাধান্য পাব পাৰে,তাক বিভিন্ন মহলত কৌতুহলৰ সৃষ্টি হৈছে। পাকিস্তানী সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত এই বিষয়ে স্পষ্টকৈ জনালে আছিফে।

তেওঁৰ মতে, “সন্ত্ৰাসবাদ, কাশ্মীৰ আৰু পানী – এই তিনিটা বিষয় আমাৰ দুয়োখন দেশৰ ইতিহাসত ব্যাপক।” মই ভাবো এইবোৰ আলোচনা কৰা উচিত।” আছিফৰ ভাষাত, “বৰ্তমান যি পৰিস্থিতিৰ সৃষ্টি হৈছে সেয়া ভাৰত আৰু পাকিস্তানৰ বাবে এই সকলো সমস্যা সমাধানৰ এক ডাঙৰ সুযোগ।”

ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা প্ৰায়বোৰ সংঘাতৰ মূলতে কাশ্মীৰ সমস্যা। আছিফৰ মতে, “আমাৰ মাজত যিবোৰ যুদ্ধ হৈছে প্ৰায় সকলোবোৰেই কাশ্মীৰ বিষয়ক লৈ সংঘটিত হৈছে।” পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ মতে কাশ্মীৰ সমস্যাও শেহতীয়া পৰিস্থিতিৰ কাৰণ।

প্ৰসংগক্ৰমে ,পহলগাম কাণ্ডৰ পাছত ভাৰত আৰু পাকিস্তান দুয়োখন দেশে ইখনে সিখনৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে কেবাটাও কূটনৈতিক পদক্ষেপ গ্ৰহণ কৰিছিল। ইয়াৰে এটা হ’ল ভাৰতে সিন্ধু জল সন্ধি স্থগিত ৰখা।

যদিও শনিবাৰে আমেৰিকাৰ মধ্যস্থতাত যুদ্ধবিৰতিৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত চুক্তি হয়, তথাপিও সিন্ধু জল সন্ধি আৰু অন্যান্য কূটনৈতিক পদক্ষেপক লৈ এতিয়াও স্পষ্ট নহয়।

আছিফৰ কথাৰ পৰা স্পষ্ট হৈ পৰিছে যে পাকিস্তানে সিন্ধু জল সন্ধিৰ ওপৰত আলোচনা বিচাৰে।
কাৰণ পহলগাম কাণ্ডৰ পাছত ভাৰতে সিন্ধু জল সন্ধি স্থগিত ৰখাৰ পাছৰে পৰা তেওঁলোক বিপদত পৰিছে।

চন্দ্ৰভাগৰ দৰে নদীবোৰ শুকাই গৈছে। সেই পৰিবেশত পাকিস্তানে আলোচনাৰ জৰিয়তে সিন্ধু জল সন্ধি সন্দৰ্ভত ইতিবাচক সিদ্ধান্তত উপনীত হ’বলৈ চেষ্টা কৰিছে।

Exit mobile version