Dist. Bjp Pressmeet:বঙাইগাঁৱত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছত জিলা বিজেপি সভাপতি উজ্জ্বল কান্তি ৰায়ৰ সংবাদমেল

bongaigaon 1

Dist. Bjp Pressmeet:

বঙাইগাঁও জিলাত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছত জিলা বিজেপিৰ কাৰ্যালয়ত জিলা সভাপতি উজ্জ্বল কান্তি ৰায়ৰ সংবাদমেল। জিলাখনৰ ফলাফল দেখি সুখী জিলা সভাপতি গৰাকী। ৫  জিলা পৰিষদত প্ৰাৰ্থী নিক্ষেপ কৰি ৪ খনত জয়লাভ বিজেপিৰ। জিলা সভাপতি গৰাকীয়ে কয় আগন্তুক দিনত মিত্ৰ দল অগপৰ সৈতে আলোচনা কৰাৰ পিছত আৰু ৰাজ্যিক সমিতিৰ নিৰ্দেশ অনুসৰি সিদ্ধান্ত লোৱা হ’ব কোন দলৰ পৰা জিলা পৰিষদৰ নেতৃত্ব দিব বা সভাপতি হ’ব। অগপৰ বঙাইগাঁও বিধানসভা সমষ্টিৰ গাঁও পঞ্চায়ত এলেকাত বিজেপিৰ উত্থান দেখি যথেষ্ট সুখী জিলা সভাপতি গৰাকী  |তেওঁ লগতে কয় মিত্ৰজোঁটত থকা দলৰ বাবে সদায় থাকিব বিজেপি।

Exit mobile version