Zero Vote Candidate:আলুখুন্দা গাওঁ পঞ্চায়তত আজৱ ঘটনা !

পঞ্চায়ত নিৰ্বাচনত এটাও ভোট লাভ নকৰিলে এগৰাকী প্ৰাৰ্থীয়ে

no vote

Zero Vote Candidate:

সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত এক আজৱ ঘটনাৰ সাক্ষী হল অসমবাসী। এই ঘটনা সংঘটিত হৈছে বঙাইগাঁও জিলাৰ ১৬ অভয়াপুৰী বিধান সভা সমষ্টিৰ ১২ নং মাণিকপুৰ জিলা পৰিষদ সমষ্টিৰ অন্তৰ্গত ২২ নং আলুখুন্দা গাওঁ পঞ্চায়তৰ ৪ নং ৱাৰ্ডৰ সদস্য পদৰ নিৰ্দলীয় প্ৰাৰ্থী ৰেজাবুল হক ।

ADVERTISEMENT

এইবেলি পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল যদিও প্ৰাৰ্থী গৰাকীয়ে নিজৰ ভোটটোও নিজৰ সপক্ষে প্ৰদান নকৰিলে । অৰ্থাৎ এটা ভোটও লাভ নকৰিলে প্ৰাৰ্থী গৰাকীয়ে । উল্লেখযোগ্য যে প্ৰাৰ্থী গৰাকীয়ে একেখন ৱাৰ্ডৰে আন এগৰাকী সদস্য পদৰ প্ৰাৰ্থী ফজিলা খাতুনৰ পৰা মোটা অংকৰ ধন লৈ ৰেজাবুল হকে নিজৰ লগতে পৰিয়ালৰ ভোট ফজিলা খাতুনক প্ৰদান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে একাংশই। যাৰ ফলত ফজিলা খাতুন বিজয়ী হয়।এই ঘটনা সংক্ৰান্তে ওৰ্ৱাডত ভোটাৰ ৰাইজৰ মাজত এক উৎকণ্ঠাৰ সৃষ্টি হয়।

Exit mobile version