‘অপাৰেচন সিন্দূৰ’কলৈ ৰাষ্ট্ৰপতি মুৰ্মুৰ স’তে আলোচনা প্ৰধানৰ!

1747212175 murmu 1

Operation Sindoor: ভাৰত-পাক যুদ্ধবিৰতিৰ পৰৱৰ্তী পৰিস্থিতিৰ সন্দৰ্ভত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক অৱগত কৰে সেনা মুৰব্বী জেনেৰেল অনিল চৌহানে। আজিৰ এই বৈঠকত উপস্থিত আছিল ভাৰতীয় বায়ুসেনা, নৌসেনা আৰু স্থলবাহিনীৰ মুৰব্বীসকলো ।

ADVERTISEMENT

সংবাদ সংস্থাৰ সূত্ৰ মতে, ৰাষ্ট্ৰপতিক ‘অপাৰেশ্বন সিন্দূৰ ’ৰ আৰু তাৰ পৰৱৰ্তী পৰিস্থিতি সম্পৰ্কে পুঙ্খানুপুঙ্খ বিৱৰণ দিছে।

ৰাষ্ট্ৰপতি ভৱনৰ তথ্য অনুসৰি বুধবাৰে ৰাষ্ট্ৰপতি মুৰ্মুৰ স’তে অপাৰেচন সিন্দূৰ সন্দৰ্ভত আলোচনাত মিলিত হয় প্ৰতিৰক্ষা মুৰব্বী অনিল চৌহান, নৌসেনাৰ মুৰব্বী এডমিৰেল দিনেশ কে ত্ৰিপাঠী আৰু অন্যান্য উচ্চপদস্থ বিষয়াসকলে।

সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদী আৰু এয়াৰ চিফ মাৰ্শ্বাল এ পি সিং। সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি, বৈঠকৰ সময়ত ৰাষ্ট্ৰপতিগৰাকীয়ে পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰতৰ প্ৰতিশোধমূলক আক্ৰমণৰ সফলতা, তিনিওটা সশস্ত্ৰ বাহিনীৰ বীৰত্ব আৰু অতুলনীয় সাহসক প্ৰশংসা কৰে।

প্ৰসংগক্ৰমে মঙলবাৰে চিডিএছ আৰু তিনিটা সশস্ত্ৰ বাহিনীৰ মুৰব্বীসকলেও প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ স’তে সাক্ষাৎ কৰে। দিল্লীস্থিত ৰাজনাথৰ বাসগৃহত অনুষ্ঠিত হয় এই বৈঠক।

Exit mobile version