Nalbari:পঞ্চায়ত নির্বাচনত নলবাৰী জিলাত কেনেকৈ নাকচ ৩০ হেজাৰ ভোট

ষড়যন্ত্ৰ নে সজাগতাৰ অভাৱ নে ভোটাৰৰ ইচ্ছাকৃত কাৰ্য! কাৰ ভুলৰ পৰিণতি?

panchayat election

Nalbari:

হাতে হাতে ইণ্টাৰনেটযুক্ত ম’বাইল ফোন, সামাজিক মাধ্যমত সক্রিয়তা আদিয়ে অগণন লোকৰ জীৱন শৈলীলৈ বৃহৎ পৰিৱৰ্তন অনাৰ কথা সততে চর্চিত হয়। আজিৰ দিনত হাতৰ মুঠিতে ‘সমগ্র পৃথিৱী’ থকা বুলি বহুতে কয়; অর্থাৎ বিভিন্ন বিষয়ক লৈ পূৰ্বৰ তুলনাত জনসজাগতা বৃদ্ধি পোৱা বুলি ধাৰণ কৰা হয়।

ADVERTISEMENT

আশ্চর্যজনক যে এনে অৱস্থাতে সদ্যসমাপ্ত পঞ্চায়ত নির্বাচনত নলবাৰী জিলাত অভাৱনীয়ভাবে ৩০ হেজাৰ ভোট নাকচ হোৱাৰ তথ্য পোহৰলৈ আহিছে। নির্বাচন আয়োগৰ তথ্য অনুসৰি এইবাৰ জিলাখনৰ ১২ জিলা পৰিষদীয় সমষ্টিত মুঠ ২৯,৯৭৩ টা বেলট ভোট নাকচ হয়। ইয়াৰ সম্ভাব্য কাৰণক লৈ সর্বত্রে চর্চা চলিছে। একাংশৰ মতে, ইলেক্ট্র’নিক ভোটিং মেচিন (ইভিএম)ৰ পৰিৱৰ্তে এইবাৰ পঞ্চায়ত নির্বাচনত ভোটদানৰ বাবে কাগজৰ বেলটৰ ব্যৱস্থা কৰাত এনে অনাকাংক্ষিত ঘটনা সংঘটিত হ’ল।

অৱশ্যে আজিৰ বিজ্ঞান-প্রযুক্তি, সামাজিক মাধ্যমৰ যুগত ইভিএমৰ পৰিৱৰ্তে বেলট কাগজ ব্যৱহাৰ কৰাৰ বাবেই এনে বৃহৎ সংখ্যক ভোট নাকচ হোৱাৰ কথা মানি ল’বলৈ বহুতে টান পাইছে। একাংশই ভোটাৰৰ মাজত সজাগতা সৃষ্টিৰ চেষ্টা নকৰাত এনে অভাৱনীয় ঘটনা হোৱা বুলি ক্ষোভ প্রকাশ কৰিছে। একাংশৰ মতে, বহু ভোটাৰে ইচ্ছাকৃতভাবে ভুলকৈ ভোটদান কৰি নিজৰ ভোট নাকচ কৰোৱাৰো সম্ভাৱনা আছে। অৱশ্যে এই যুক্তিও মানি ল’বলৈ টান পাইছে। কাৰণ নিজৰ ভোট নষ্ট কৰিবলৈ ভোট কেন্দ্ৰত শাৰী পাতি বহু সময় নষ্ট কৰাৰ মানসিকতা এক বৃহৎ সংখ্যক লোকৰ থাকিব পাৰে বুলি পোনছাটেই গ্রহণ কৰিব নোৱাৰি।

নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ঘগ্ৰাপাৰ জিলা পৰিষদ সমষ্টিৰ নিৰ্বাচনত ১,৪৭৪ টা, পশ্চিম বনভাগ জিলা পৰিষদত ১,৮৪১ টা, উত্তৰ নলবাৰী জিলা পৰিষদত ২,৪৬২ টা আৰু বাঁহজানী জিলা পৰিষদত ২,২৪৮ টা ভোেট নাকচ হয়। ফলস্বৰূপে এই চাৰিটা জিলা পৰিষদ সমষ্টিৰ নিৰ্বাচনত মুঠ ৮,০০৫ টা ভোট কোনো প্রার্থীয়ে পাবলৈ সক্ষম নহ’ল। একেদৰে জিলাখনৰ বৰক্ষেত্ৰী জিলা পৰিষদ সমষ্টিৰ নির্বাচনত ২,৩৯০ টা, পশ্চিম বৰক্ষেত্ৰী ধৰ্মপুৰ জিলা পৰিষদত ২,৪০৬ টা, ধৰ্মপুৰ জিলা পৰিষদত ২,৯৩০ টা, বৰক্ষেত্ৰী পশ্চিম নলবাৰীত ২,১৮২ টা, টিহু জিলা পৰিষদত ২,৭৬৫ টা, মধুপুৰ জিলা পৰিষদত ২,৪৬৫ টা, বৰভাগ জিলা পৰিষদত ৪,৮০১ টা আৰু মুকালমুৱা-জাগাৰা জিলা পৰিষদত ২,০৯৯ টা বেলট ভোেট নাকচ হয়। ফলত জিলাখনত সর্বমুঠ ২৯,৯৭৩ টা ভোেট নাকচ হোৱা বুলি নির্বাচনী বিষয়াই ঘোষণা কৰিছে। ইয়াকে লৈ জিলাখনৰ শিক্ষিত ৰাইজে উদ্বেগ প্রকাশ কৰিছে।

# দল-সংগঠনৰ প্ৰতিক্রিয়া

এইবাৰ পঞ্চায়ত নিৰ্বাচনত নলবাৰী জিলাত বৃহৎ সংখ্যক ভোট নাকচ হোৱাক লৈ বিভিন্ন দল-সংগঠনে প্রতিক্রিয়া প্রকাশ কৰিছে। এই অনাকাংক্ষিত ঘটনাৰ বাবে প্ৰশাসনক দোষাৰোপ কৰিছে অগপৰ নলবাৰী সমষ্টিৰ সভাপতি সনাতন ৰাজবংশীয়ে। ‘দৈনিক অগ্রদূত’ৰ আগত ৰাজবংশীয়ে কয়, ‘এইবাৰৰ নিৰ্বাচনৰ পূৰ্বে প্রশাসনে ভোটাৰ ৰাইজৰ মাজত সজাগতামূলক সভা-সমিতি অনুষ্ঠিত কৰা দেখা নগ’ল। পৰিণতিত গ্রামাঞ্চলৰ একাংশ বয়োজ্যেষ্ঠ লোকে তিনিখন বেলট কাগজত ভোটদান কৰোতে খেলি-মেলি হোৱাত ভোট নাকচ হয়।’

একেদৰে আছুৰ সাংগঠনিক সম্পাদক ৰিয়াজুদ্দিন আহমেদে কয় যে একাংশ ভোটাৰ এতিয়াও নিৰক্ষৰ আৰু নিৰ্বাচনী প্রক্রিয়া সম্পর্কে অজ্ঞাত হৈ থাকে। তদুপৰি এইবাৰ নিৰ্বাচনৰ পূৰ্বে প্ৰশাসনৰ জৰিয়তে কোনো ধৰণৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা নহ’ল বুলি আছু নেতাজনে মন্তব্য কৰে। আনহাতে, নলবাৰী সমষ্টিৰ বনভাগ জিলা পৰিষদৰ অজাপৰ পৰাজিত প্রার্থী নৱজ্যোতি কলিতাই কয় যে নির্বাচন আয়োগৰ সোপাঢিলা স্বৰূপৰ বাবে এই বৃহৎ সংখ্যক লোকৰ ভোট নাকচ হয়। গাঁৱে-ভূঞে ভোটদান সন্দর্ভত সজাগতামূলক সভাৰ বহু নিৰক্ষৰ ভোটাৰে বেলট কাগজত ছাপ নমৰাকৈ বেলট বাকচত ভোটাৰ কাগজ সুমুৱাই থৈ আহে বুলি কলিতাই মন্তব্য কৰে।

একেদৰে বৃহত্তৰ নলবাৰী গণসেৱা সংস্থাৰ সভাপতি নৱ কুমাৰ তালুকদাৰে কয় যে সার্বজনীন ভোটাধিকাৰ সাব্যস্ত কৰাৰ ক্ষেত্ৰত একাংশ লোক এতিয়াও সজাগ নহয়। পৰিণতিত এনেদৰে ভোট নাকচ হোৱাৰ ঘটনা সংঘটিত হোৱা বুলি তেওঁ মতপোষণ কৰে। একেদৰে নলবাৰী জিলা কংগ্ৰেছৰ সামাজিক মাধ্যম কোষৰ অধ্যক্ষ উদ্দীপন পাটোৱাৰীয়ে কয়, ‘নির্বাচনত বিজেপিয়ে প্রশাসনক ব্যৱহাৰ কৰি ভোটাৰ ৰাইজৰ মাজত নির্বাচন আয়োগক সজাগতামূলক কাৰ্যসূচী ৰূপায়ণৰ পৰা বিৰত ৰাখে।’

Exit mobile version