Rupahihat Murder Incident:আন এক শিহৰণকাৰী ঘটনা

স্বামীয়ে ডিঙি কাটি হত্যা কৰিলে নিজ পত্নীক

marder

Rupahihat Murder Incident:

ৰাজ্যত পুনৰ আন এক শিহৰণকাৰী ঘটনা ৷ স্বামীয়ে ডিঙি কাটি হত্যা কৰিলে নিজ পত্নীক ৷ এই লোমহৰ্ষক ঘটনা সংঘটিত হয় নগাঁৱৰ ৰূপহীহাটৰ জৰথনিগাঁৱত ৷ চাৰি সন্তানৰ মাতৃ চাবিনা বেগমক ডিঙি কাটি হত্যা কৰিলে স্বামী খাইৰুল ইছলামে ৷ ঘাতক স্বামীৰ দাৰ ঘাপত থিতাতে মৃত্যু হয় পত্নী চাবিনা বেগমৰ ৷

আনহাতে হত্যা কৰিয়েই ঘৰ এৰি পলায়ণ কৰে ঘাতক স্বামী খাইৰুল ইসলামে ৷ এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য সৃষ্টি হয় অঞ্চলজুৰি ৷ কি কাৰণত নিজ পত্নীক হত্যা কৰিলে এতিয়াও পোহৰলৈ অহা নাই ৷ ইতিমধ্যে ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷ স্থানীয় ৰাইজে ঘাতক স্বামীক গ্ৰেপ্তাৰৰ দাবী কৰে ৷

Exit mobile version