ৰাজস্থান গাঁৱত উদ্ধাৰ হ’ল সাত ফুট দৈৰ্ঘ্যৰ ড্ৰ’ন ! সতৰ্কবাণী জাৰি

1743304911 drone

Drone: ৰাজস্থানৰ সীমান্তৱৰ্তী গাঁৱৰ পৰা উদ্ধাৰ হৈছে এখন ড্ৰ’ন। গাঁৱৰ পথাৰত পৰি অৱস্থাত ড্ৰ’নখন উদ্ধাৰ কৰা হয়। বৃহস্পতিবাৰে পুৱা স্থানীয় লোকে ড্ৰ’নখন প্ৰত্যক্ষ কৰে ।

গাঁওখন সীমান্তৰ সমীপত থকাৰ বাবে ড্ৰ’নখন উদ্ধাৰকলৈ এতিয়া উত্তেজনা বৃদ্ধি পাইছে। ড্ৰ’নখন ক’ৰ পৰা আহিল, পাকিস্তানৰ পৰা পঠোৱা হৈছে নেকি সেই বিষয়ে তদন্ত চলি আছে।

পুৱাৰে পৰা গাঁওখনত এক সতৰ্কবাণী জাৰি কৰা হৈছে।ৰাজস্থানৰ শ্ৰীগংগনগৰৰ অনুপগড় অঞ্চলত সংঘটিত হৈছে এই ঘটনা।

উল্লেখ্য যে,আজি পুৱা ন বাজি ৪৫ মিনিটত গাঁওবাসীয়ে ড্ৰ’নখন পথাৰত পৰি থকা প্ৰত্যক্ষ কৰে। ড্ৰ’নখন আছিল পাঁচৰ পৰা সাত ফুট দীঘল। ড্ৰ’নখন কেমেৰাৰ অংশটো ভাঙি মূল অংশৰ পৰা পৃথক হৈ পৰি আছিল।

এই তথ্য লাভ কৰাৰ লগে লগে অনুপগড়ৰ ষ্টেচন হাউছ অফিচাৰ (এছ এইচ অ’) সেই স্থানত উপস্থিত হয়। তেওঁ বি এছ এফক অৱগত কৰে।

তাৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় এটা বোমা নিষ্কাশন দল। এছ এইচ অ’জনে জনাই যে, ড্ৰ’নখন জব্দ কৰা হৈছে আৰু সমগ্ৰ অঞ্চলটোত তালাচী চলোৱা হৈছে। সতৰ্কতামূলক ব্যৱস্থা হিচাপে বোমা নিষ্কাশন দলটোক মাতি অনা হৈছিল বুলিও তেওঁ জানিবলৈ দিয়ে।

ড্ৰ’নখন ক’ৰ পৰা নিৰ্মাণ কৰা হৈছে আৰু ক’ৰ পৰা আহিছে সেইটো নিৰ্ণয় কৰিবলৈ ফৰেনছিক আৰু অন্যান্য পৰীক্ষা কৰা হ’ব। বিষয়াসকলে বিষয়টো যথেষ্ট গুৰুত্বসহকাৰে লৈছে ।

এছ এইচ অ’ই কয়,”ভাৰত আৰু পাকিস্তানৰ মাজত শেহতীয়াকৈ সংঘটিত হোৱা সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত সীমান্ত অঞ্চলত নিৰাপত্তা বাহিনী হাই এলাৰ্টত আছে বুলি ।সেই সীমান্তৰ সমীপত এনেকুৱা এটা ড্ৰ’ন উদ্ধাৰটো এটা চিন্তাৰ বিষয়।”

বি এছ এফ আৰু স্থানীয় আৰক্ষী বিষয়াই অঞ্চলটোত টহল দি আছে। স্থানীয় ৰাইজক অপ্ৰয়োজনীয়ভাৱে ভয় নকৰিবলৈ অনুৰোধ জনাইছে কৰ্তৃপক্ষই।

Exit mobile version