Beltala Bazar Incident:মহানগৰীৰ বেলতলা বজাৰত অঘটন

গাৰ্ড ৱাল বাগৰি পৰি মৃত্যু এগৰাকী মহিলাৰ, গুৰুতৰ বাবে আহত দুজন 

beltala

Beltala Bazar Incident:

মহানগৰীৰ ঐতিত্যমণ্ডিত বেলতলা বজাৰত বৃহস্পতিবাৰে সংঘটিত হয় অঘটন ৷ গাৰ্ড ৱাল বাগৰি পৰি মৃত্যু হয় এগৰাকী মহিলাৰ৷ নিহত মহিলাগৰাকী নাম অঞ্জু ৰংহাং৷ আনহাতে ঘটনাটোত গুৰুতৰভাৱে আহত আন দুজন লোক ৷আহত সকলক ততাতৈয়াকৈ ভৰ্তি প্ৰেৰণ কৰা হয় জিএমচিএইছলৈ ৷ ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে আৰক্ষী আৰু জিএমচিৰ লোক উপস্থিত হয় ৷

ADVERTISEMENT

উল্লেখ্য যে, কিছুদিন ধৰি মহানগৰীত চেগাচোৰোকাকৈ দি থকা বৰষুণৰ ফলত ঠায়ে ঠায়ে সৃষ্টি হৈছিল কৃত্ৰিম বানৰ ৷  বেলতলা বজাৰ সপ্তাহত বৃহস্পতিবাৰ আৰু দেওবাৰে বহে ৷ সেই অনুসৰি আজি বজাৰৰ নিদিষ্ট স্থানত আন দিনৰ দৰে শাক-পাচলি বিক্ৰী কৰি আছিল অঞ্জু ৰংহাং সহ আন আন বিক্ৰেতা সকলে ৷ কিন্ত হঠাতে তেওঁলোকৰ বিপৰীতে ফালে থকা নলাৰ কাষৰ পকী গাৰ্ড ৱাল বাগৰি পৰি থিতাতে কৰুণ মৃত্যুক সাবটি লয় অঞ্জু ৰংহাং নামৰ মহিলা গৰাকী ৷ এই ঘটনাত এগৰাকী মহিলা সহ আন দুজন গুৰুতৰভাৱে আহত হয় ৷

Exit mobile version