Child: ইউটিউবত গান বা চলচ্চিত্ৰ আদিৰ ভিডিঅ’ত বিভিন্ন ৰংচঙীয়া বিজ্ঞাপনৰ মাজত স্বাস্থ্যৰ বাবে বিশেষ উপকাৰী নোহোৱা বিভিন্ন খাদ্যৰো বিজ্ঞাপন থাকে। একে কথাই খাটে ফে’চবুকতো।
এনে বিজ্ঞাপনে প্রাপ্তবয়স্কসকলৰ মন বিশেষ জয় কৰিব নোৱাৰিলেও শিশুৰ ক্ষেত্ৰত কথাটো বিপৰীত হ’ব পাৰে। কেৱল ৰংচঙীয়া বিজ্ঞাপনত ভোল গৈয়ে কম বয়সীয়া ল’ৰা-ছোৱালীয়ে পিতৃ-মাতৃ বা আত্মীয়-স্বজনক স্বাস্থ্যৰ বাবে উপকাৰী নোহোৱা খাদ্য (জাংক ফুড) কিনিবলৈ তাগিদা দিব পাৰে।
শিশু সন্তানৰ তাগিদা উলাই কৰিব নোৱাৰি বহুতে এনে মুখৰোচক খাদ্য সন্তানক কিনি দিব পাৰে। দীর্ঘদিন ধৰি সন্তানক এনে খাদ্য খুৱালে সন্তান মেদবহুলতাজনিত সমস্যাত আক্ৰান্ত হোৱাৰ আশংকা থাকে। কম বয়সতে একাংশৰ শৰীৰৰ ওজন বৃদ্ধিৰ সমস্যাও বৃদ্ধি পাবলৈ ধৰিছে।
সম্প্রতি এনে সমস্যা সমগ্র বিশ্বত সৃষ্টি হৈছে। শিশুৰ মেদবহুল হোৱা বা শিশুৰ ওজন অস্বাভাৱিকভাৱে বৃদ্ধিৰ কাৰণ অত্যধিক পৰিমাণত জাংক ফুড গ্রহণ বুলি ইতিমধ্যে চিকিৎসা বিশেষজ্ঞসকলে সতৰ্ক কৰি আহিছে।
শেহতীয়া এক সমীক্ষা অনুসৰি শিশুৰ জাংক ফুডৰ প্ৰতি আগ্রহ বৃদ্ধিত গুৰুত্বপূর্ণ ভূমিকা লৈছে ইউটিউব, ফেচবুক আদিৰ এনে খাদ্য সম্পর্কীয় বিজ্ঞাপনে।
ব্রিটেইনৰ ইউনিভাৰচিটী অৱ লিভাৰপুলৰ গৱেষকসকলে দেশখনৰ শিশুসকলক লৈ এক সমীক্ষা চলাই প্রকাশ কৰিছে যে পিজ্জা, বাৰ্গাৰ আদিৰ দৰে খাদ্য, যিসমূহ বিজ্ঞাপন ইণ্টাৰনেটত দেখিবলৈ পোৱা যায় সেইসমূহে শিশুসকলৰ মনত জাংক ফুডৰ প্রতি আকর্ষণ বৃদ্ধি কৰে।
এনে শিশুৱে ঘৰুৱা ফল-মূলৰ প্ৰতি মুঠেও আকর্ষণ অনুভৱ নকৰা হয়। কেঁচা ফল-মূল নোখোৱা এটি শিশুৱে কেৱল জাংক ফুড গ্রহণ কৰিলে মেদবহুলতাৰ দৰে সমস্যাত আক্রান্ত হোৱাৰ আশংকা বৃদ্ধি পায় বুলি গৱেষকসকলে সকীয়াই দিছে।
জাংক ফুডৰ ক্ষেত্ৰত থকা এটা সুবিধা হ’ল যে অনলাইনত এনে খাদ্যৰ অৰ্ডাৰ দিলে কিছু সময়ৰ ভিতৰতে এই খাদ্য হাতত পৰে। গতিকে এটি শিশুৱে নিজেই অৰ্ডাৰ দি এনে খাদ্য ক্রয় কৰে বা পিতৃ-মাতৃক এনে খাদ্য ক্রয় কৰিবলৈ তাগিদা দিয়ে।
উল্লেখ্য যে জাংক ফুডে ভাৰতীয় শিশুসকলৰ স্বাস্থ্যৰ ওপৰত কেনে বিৰূপ প্ৰভাৱ পেলাইছে সেই সম্পর্কত দেশত সমীক্ষা চলোৱাৰো দাবী উত্থাপিত হৈ আহিছে।
২০২৪ত প্রকাশিত নেচনেল লাইব্ৰেৰী অৱ মেডিচিনৰ ‘পাবমেড’ শীর্ষক গৱেষণা পত্ৰত সংশ্লিষ্ট গৱেষকে দাবী কৰে যে খাদ্য বিপণন বা ফুড মার্কেটিঙৰ প্রভাৱত ভাৰতীয় শিশু আৰু কম বয়সীয়া ল’ৰা-ছোৱালীয়ে খাদ্যশৈলী সলনি কৰিছে।
পিজ্জা,বাৰ্গাৰ অথবা নুডলছৰ বিজ্ঞাপনৰ চমকত বহু শিশু আৰু কম বয়সীয়া ল’ৰা-ছোৱালীয়ে মুখৰোচক খাদ্য খোৱাৰ অভ্যাস গঢ়ি তুলিছে। এনে খাদ্য মাত্রাধিকভারে গ্রহণ কৰিলে মেদবহুলতাজনিত সমস্যা সৃষ্টিৰ আশংকা থাকে।
তদুপৰি একাংশ অভিভাবকে নিজেও জাংক ফুডৰ ওপৰত অত্যধিক নির্ভৰশীল হোৱাটোৱো বিপদৰ আশংকা বৃদ্ধি কৰিছে। উল্লেখ্য যে শেহতীয়াভাবে গ্রামাঞ্চলসমূহতো জাংক ফুডৰ এখন বৃহৎ বজাৰৰ সৃষ্টি হৈছে।
আর্থিকভারে স্বচ্ছল পৰিয়ালসমূহে শিশু বা কম বয়সীয়া সন্তানক চিজাতীয় খাদ্য কিনি দিবলৈ ধৰিছে। বহুতে শিশুক ফুচুলাবৰ বাবেও চিছৰ দৰে খাদ্য কিনি দিয়ে।
একেদৰে কেক, পেস্ট্রি বা শীতল পানীয় আদিও বহুতে খাদ্যাভাসৰ অংগত পৰিণত কৰিছে। ফলত বাৰীৰ ফল-মূল আদিৰ প্ৰতি বহুতৰে আকৰ্ষণ হ্রাস পাবলৈ ধৰিছে। অথচ এনে খাদ্য স্বাস্থ্যৰ বাবে বহু উপকাৰী।
ড্রাই ফুডো স্বাস্থ্যৰ বাবে উপকাৰী হ’লেও বহুতে এনে খাদ্য খাবলৈ ইচ্ছা নকৰে। তাৰ পৰিৱৰ্তে মুখৰোচক খাদ্যৰ প্ৰতি অধিক আগ্রহ প্রকাশ কৰে। গতিকে এই ক্ষেত্রত অভিভাৱকসকল সজাগ হোৱাৰ প্ৰয়োজন হৈছে।