জাতীয় পতাকাত ঘাম মচিলে বিজেপি বিধায়কে !ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতেই বিতৰ্ক

IMG 20250516 133827

Tiranga Rally: ‘জাতীয় পতাকা’ৰে ঘাম মচি বিপদত পৰিল ৰাজস্থানৰ জয়পুৰৰ বিজেপি বিধায়ক বালামুকুন্দ আচার্য। বৃহস্পতিবাৰে ৰাজস্থান বিধানসভাৰ বিৰোধী দলপতি টিকা ৰাম জুলীয়ে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ পোষ্ট কৰে। ভিডিঅ’টো অতি দ্ৰুতগতিত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে। তাৰ পাছতেই বিতৰ্কৰ সৃষ্টি হয়।

অৱশ্যে বিতৰ্কৰ সৃষ্টি হোৱাৰ লগে লগে বিজেপি বিধায়ক বালামুকুণ্ডে স্পষ্ট কৰি দিয়ে। তেওঁ কয়, “সেইখন জাতীয় পতাকা নাছিল। বগা আৰু সেউজীয়া কাপোৰ আছিল। শোভাযাত্ৰাত খোজ কাঢ়ি থাকোঁতে কোনোবাই মোক দিছিল। মই চুমা খাইছিলো। জাতীয় পতাকাক কেনেকৈ সন্মান কৰিব লাগে সেইটো মই জানো।”

লগতে তেওঁ কয়,”ত্ৰিৰংগা যাত্ৰাৰ সময়ত কংগ্ৰেছ ক’ত আছিল? এইটো কোনো দলীয় কাৰ্যসূচী নাছিল। ইফালে কংগ্ৰেছ দলে ত্ৰিৰংগাত হাতৰ ফলক লগাই দলৰ পতাকা বৰ্ণাইছে। আৰু সেইখনকে ইফালে সিফালে ওলোমাই ৰাখিছে।”

বিজেপিৰ বিধায়কৰ মুখ মচি থকা ভিডিঅ’ পোষ্ট কৰি ৰাজস্থানৰ বিৰোধী দলপতিগৰাকীয়ে লিখিছে, “আমাৰ দেশৰ সেনা জোৱানসকলে যিখন ত্ৰিৰংগাৰ বাবে প্ৰাণ আহুতি দিছে। সেই ত্ৰিবৰ্ণ পতাকা লৈ মুখৰ ঘাম মুচিছে বিজেপি বিধায়ক। তেওঁ নিজৰ ভুলৰ বাবে ক্ষমা বিচাৰিব লাগিব।”

Exit mobile version